৫০০০ অস্ত্ৰোপচাৰ সম্পন্ন কৰিলে জি এন আৰ চিৰ চিকিৎসক অংকুৰ হাজৰিকাই

Dr. Ankur Hazarika, orthopedic surgeon GNRC Hospital Addressing press conference at Guwahati on 17-08-19. Pix BY UB photos

শনিবাৰে সংবাদমেলত অংকুৰ হাজৰিকা আৰু শতাব্দী বৰা। ছবি- ইউ বি।

জি এন আৰ চি হস্পিটেলৰ অস্থিশল্য বিশেষজ্ঞ অংকুৰ হাজৰিকাই ৫০০০ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে।

হাজৰিকাই অস্ত্ৰোপচাৰ কৰা ৰোগীৰ ভিতৰত আছে দুবছৰীয়া শিশুৰ পৰা ১০২ বছৰীয়া বৃদ্ধলৈকে।

শনিবাৰে এক সংবাদমেলত এই সফলতা দাঙি ধৰে চিকিৎসকজনে।

অস্ত্ৰোপচাৰৰ সংখ্যাক লৈ সংবাদমেলখন দিয়া হৈছিল যদিও চিকিৎসক হাজৰিকাই কয় যে সংখ্যাতকৈ গুণগত মানহে এইক্ষেত্ৰত অধিক তাৎপৰ্য্যপূৰ্ণ।

“৫০০০ অস্ত্ৰোপচাৰ মাত্ৰ এটা নম্বৰহে। জীৱনত কিমান অস্ত্ৰোপচাৰ কিমান উন্নত মানত সম্পন্ন কৰিব পাৰে সেইটোহে প্ৰয়োজনীয়,” হাজৰিকাৰ মন্তব্য।

হাজৰিকাই তেওঁৰ সফলতাৰ বাবে চিকিৎসা সংস্থাটোৰ মুৰব্বী নোমল চন্দ্ৰ বৰাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে।

বৰ্তমান জি এন আৰ চিৰ ছয়মাইলস্থিত শাখাৰ অস্থিৰোগ বিভাগৰ মুৰব্বী হাজৰিকাই চিকিৎসালয়খনৰ প্ৰতিষ্ঠাকাল ২০০৮ চনৰে সেৱা আগবঢ়াই আহিছে।

চিকিৎসালয়খনৰ প্ৰথম অস্ত্ৰোপচাৰটোও তেৱেঁই সম্পন্ন কৰিছিল, জনায় হাজৰিকাই।

সংবাদমেলত জি এন আৰ চিৰ চি ই অ’ শতাব্দী বৰা আৰু চিকিৎসক মাইনুল আহমেদো উপস্থিত আছিল।