NORTHEAST NOW (Assamese)

অভিনেতা নিপন গোস্বামীৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰৰ ৫০ হাজাৰ টকাৰ অনুদান

October 30, 2019 6:39 pm · এন ই নাও নিউজ
জি এন আৰ চিত চিকিৎসাধীন অৱস্থাত নিপন গোস্বামী। উৎস- প্ৰতিদিন টাইম(ডিজিটেল)

বৰ্তমানে অসুস্থ হৈ থকা প্ৰবীণ অভিনেতা নিপন গোস্বামীৰ চিকিৎসাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে মুখ্য মন্ত্ৰী সাহায্য পুঁজিৰ পৰা ৫০ হাজাৰ টকাৰ অনুদান আগবঢ়াইছে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত গুৱাহাটীৰ জি এন আৰ চি হস্পিতালত অসমীযা চলচ্চিত্রৰ বিশিষ্ট অভিনেতা গৰাকীক ভৰ্তি কৰাব লগা হৈছিল।

২৪ দিন ধৰি চিকিৎসালয়ত থকাৰ পিছত যোৱা শনিবাৰে তেওঁ নিজ ঘৰলৈ উভতি আহে যদিও এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই।

ঘৰলৈ অহাৰ পিছত বাতৰি সংগ্ৰহৰ বাবে যোৱা একাংশ সংবাদ মাধ্যমৰ আগত অভিনেতা গৰাকীয়ে চৰকাৰৰ ফালৰ পৰা চিকিৎসাৰ বাবদ কোনোধৰণৰ সহায় নোপাৱাৰ কথা ব্যক্ত কৰিছিল।

ইয়াৰ পিছতে আজি ৰাজ্য চৰকাৰৰ ফালৰ পৰা অভিনেতা গৰাকীলৈ ৫০ হাজাৰ টকাৰ অনুদান আগবঢ়োৱা হয়। ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগৰ দ্বাৰা পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ।

উক্ত বিজ্ঞপ্তিত ইয়াৰ পূৰ্বেও অভিনেতা গৰাকীৰ চিকিৎসাৰ বাবে মুখ্য মন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে নিপন গোস্বামীৰ হাতত ৫০ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰিছিল বুলি কোৱো হয়।

আজি এই বিজ্ঞপ্তিৰ জৰিয়তে মুখ্য মন্ত্ৰী সোণোৱালে অভিনেতা গৰাকীৰ আশু-আৰোগ্য কামনা কৰে।

Related News