কন্দৰ্প নাথ শৰ্মা আৰু ঝৰ্ণা শইকীয়ালৈ ৰাজ্য চৰকাৰৰ বিষ্ণু ৰাভা বঁটা

ফটো উৎস : জনমভূমি

ৰাজ্যৰ বিশিষ্ট চিত্রশিল্পী কন্দর্প নাথ শর্মা আৰু বিশিষ্ট নৃত্যশিল্পী, অভিনেত্রী ঝর্ণা শইকীয়াক অসম চৰকাৰে ২০২০ বর্ষৰ সন্মানীয় বিষ্ণু ৰাভা বঁটা আগবঢ়াইছে৷

অসম চৰকাৰে প্রতি বছৰে কলাগুৰু বিষ্ণু প্রসাদ ৰাভাৰ স্মৃতিত ৰাভা দিৱসৰ দিনা দুজনকৈ শিল্পকলাৰ সৈতে জড়িত লোকক এই বঁটা প্রদান কৰি আহিছে।

চলিত বছৰৰ এই বঁটা অহা ২০ জুনত ডিব্রুগড় জিলাৰ আউনীআটি সত্রৰ শাখাৰ প্রেক্ষাগৃহত অনুষ্ঠিত হ’ব লগীয়া কেন্দ্রীয় ৰাভা দিৱসৰ অনুষ্ঠানত মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে প্রদান কৰিব৷

এই বঁটাৰ সৈতে আছে নগদ ২ লাখ টকাৰ লগতে প্রশস্তি পত্র আৰু অংগ বস্ত্র৷

উল্লেখযোগ্য যে বঁটাপ্রাপক বিশিষ্ট চিত্রশিল্পী কন্দর্প নাথ শর্মাৰ জন্ম ১৯৪৮ চনৰ ১০ জানুৱাৰীত গুৱাহাটীৰ কামাখ্যাত৷ গুৱাহাটীৰ চাৰু কাৰু কলা মহাবিদ্যালয়ত কেইবাবছৰ ধৰি শিক্ষকতা কৰাৰ পাছত ১৯৯১-৯৬ চনলৈ তেওঁ মহাবিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্ব পালন কৰে৷

১৯৭০ চনৰপৰা বর্তমানলৈ বিশিষ্ট চিত্রশিল্পীজনে গুৱাহাটীৰ কামাখ্যা বালক প্রাথমিক বিদ্যালয়, ৰবীন্দ্র ভৱন, কটন কলেজ, ৰাজ্যিক কলাবীথিকা আদি বিভিন্ন স্থানত বহুকেইখন একক আৰু দলীয় চিত্র প্রদর্শনীত অংশ গ্রহণ কৰিছে৷

১৯৯৩ চনত নৰৱেত আয়োজিত ইণ্টাৰনেশ্যনেল গ্রেফী এগ৲জিবিশ্যন আৰু মুম্বাইৰ জাহাংগীৰ আর্ট গেলেৰীত আয়োজিত প্রদর্শনীতো তেওঁ অংশ গ্রহণ কৰিছিল৷

আনহাতে বিশিষ্ট নৃত্যশিল্পী, অভিনেত্রী ঝর্ণা শইকীয়াই ১৯৫৬ চনৰ পহিলা মার্চত শিলচৰৰ তাৰাপুৰত জন্মগ্রহণ কৰিছিল৷

১৯৭৪ চনত অসমীয়া বোলছবি ৰতনলালত নায়িকাৰ চৰিত্রত অভিনয় কৰি কলাপ্রেমীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়৷

তেওঁ ১৯৭৫ চনৰপৰা আকাশবাণী ডিব্রুগড় কেন্দ্রৰ স্বীকৃতিপ্রাপ্ত বি-হাই নাট শিল্পীৰূপে সমগ্র উত্তৰ পূর্বাঞ্চলতে লোকনৃত্য প্রদর্শন কৰাৰ উপৰি কেইবাখনো টেলিফিল্মত অভিনয় কৰি সকলোৰে প্রশংসা বুটলিবলৈ সক্ষম হয়৷

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডিব্রুগড় জিলা প্রশাসনৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত মুখ্য মন্ত্রী সোণোৱালৰ উপৰি কেন্দ্রীয় খাদ্য সংসাধন উদ্যোগ মন্ত্র্যালয়ৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, সাংস্কৃতিক মন্ত্রী নৱ কুমাৰ দলে, চাহ জনজাতি কল্যাণ মন্ত্রী সঞ্জয় কিষাণৰ লগতে আন কেইবাৰাকীও বিধায়ক আৰু বিষয়া উপস্থিত থাকিব৷