মহাবিদ্যালয়ত বি এড পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ বাবে অনুমোদন জনালে ৰাজ্য চৰকাৰে

directorate-of-higher-education-1-610x375

মাধ্যমিক স্তৰৰ শিক্ষকতাৰ বাবে বি এড ডিগ্ৰী বাধ্যতামূলক যদিও পৰ্যাপ্ত পৰিমাণৰ শিক্ষা প্ৰতিষ্ঠান নথকা বাবে এই ডিগ্ৰী লোৱাৰ বাবে বঞ্চিত হৈছে বহু ছাত্ৰ-ছাত্ৰী। সেয়ে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ অসমৰ বিভিন্ন মহাবিদ্যালয়ত বি এড পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ বাবে সোমবাৰে অসম চৰকাৰে এক অধিসূচনাৰ জৰিয়তে অনুমোদন জনায়।

উচ্চ শিক্ষা সঞ্চালকালয়ে জাৰি কৰা অধিসূচনাত মহাবিদ্যালয় সমূহক বি এড পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ অনুমতিৰ বাবে উচিত কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আৱশ্যকীয় সকলো কাম-কাজ কৰিবলৈ আহ্বান জনাইছে।

উচ্চ শিক্ষা বিভাগে বি এড পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত কৰা মহাবিদ্যালয় কেইখন তলত উল্লেখ কৰা হ’ল-

গোৰেশ্বৰ কলেজ, বৰমা কলেজ, এম চি কলেজ, বি এইচ কলেজ, নৱজ্যোতি কলেজ, বৰনগৰ কলেজ, বি বি কে কলেজ, বিশ্বনাথ কলেজ, অভয়াপুৰি কলেজ, চৰাইদেউৰ সোণাৰি কলেজ, বিজনী কলেজ, মঙলদৈ কলেজ, ধেমাজী কলেজ, বিলাসীপাৰাৰ বি এন কলেজ, ডিব্ৰু কলেজ, দুলীয়াজান কলেজ, নামৰূপ কলেজ, ডিফু চৰকাৰী কলেজ, গোৱালপাৰা কলেজ, দুধনৈ কলেজ, ডি আৰ কলেজ।

ইয়াৰ উপৰি লামডিং কলেজ, ডি চি বি গাৰ্লছ কলেজ, মৰিয়নী কলেজ, বাহানা কলেজ,, কাকজান কলেজ, আৰ্য্য বিদ্যাপীঠ কলেজ,, বি বৰুৱা কলেজ, সন্দিকৈ গাৰ্লছ কলেজ, গুৱাহাটী কলেজ, পাণ্ডু কলেজ, এল চি বি কলেজ, প্ৰাগজ্যোতিষ কলেজ, নৰ্থ গুৱাহাটী কলেজ, এছ বি এম এছ কলেজ, ডে এন চলিহা কলেজ, ডিমৰীয়া কলেজ, ডি কে কলেজ,, ৰঙিয়া কলেজ, পূব কামৰূপ কলেজ, গোসাঁইগাঁও কলেজতো থাকিব এই পাঠ্যক্ৰম।

আনহাতে কোকৰাঝাৰ চৰকাৰী কলেজ, লখিমপুৰ গাৰ্লছ কলেজ, নৰ্থ লখিমপুৰ কলেজ, এল টি কে কলেজ,, ধকুৱাখানা কলেজ, মাজুলী কলেজ, মৰিগাঁও কলেজ, জাগীৰোড কলেজ, নগাঁও কলেজ, এ ডি পি কলেজ, ধিং কলেজ, কলিয়াবৰ কলেজ, বৰভাগ কলেজ, টিহু কলেজ, শিৱসাগৰ গাৰ্লছ কলেজ, মৰাণ কলেজ, গড়গাঁও কলেজ, শিৱসাগৰ কলেজ, দৰং কলেজ, টি এইচ বি কলেজ, এল ও কে ডি কলেজ, ছয়দুৱাৰ কলেজ, ডিগবৈ কলেজ, আৰু টংলা কলেজতো এই পাঠ্যক্ৰম অন্তৰ্ভুক্তি হ’ব বুলি জানিবলৈ দিয়ে।