কংগ্ৰেছৰ তিনিটকীয়া চাউলক সমালোচনা কৰা বিজেপিয়ে দিলে এইবাৰ এটকাত

মুখ্যমন্ত্ৰী সোণোৱালে অন্য আঁচনি উদ্বোধন কৰাৰ আলোকচিত্ৰ

অসম চৰকাৰে শুভাৰম্ভ কৰিলে এটকীয়া চাউল বিতৰণ আঁচনি। সুলভ পুষ্টি আৰু খাদ্যপ্ৰাপ্তি যোজনা চমুকৈ ‘অন্ন আঁচনি’ আনুষ্ঠানিকভাবে উদ্বোধন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দৰিদ্ৰ জনসাধাৰণক উপকৃত কৰিব পৰাকৈ চৰকাৰে  আঁচনি গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে। অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে ছয়গৰাকী হিতাধিকাৰীক এক কিলোগ্ৰামকৈ এটকীয়া চাউল বিতৰণ কৰি প্ৰতীকীভাবে আঁচনিখন আৰম্ভ কৰে।

অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে জি এম চি এইচ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত সোণোৱালে সহস্ৰাধিক হিতাধিকাৰীক সম্বোধন কৰি আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলে যাতে কেতিয়াও লঘোণে থাকিবলগা নহয় তাৰবাবে চৰকাৰে ‘অন্ন আঁচনি’ মুকলি কৰিছে বুলি কয়।

উল্লেখযোগ্য যে, চৰকাৰী তথ্য অনুসৰি অন্ন আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ প্ৰায় ৫৭ লাখ পৰিয়ালৰ ২,৪৮,৮৯,১৮২ গৰাকী হিতাধিকাৰী উপকৃত হ’ব বুলি আশা কৰা হৈছে। অনুষ্ঠানত অংশলৈ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰৰ দিনৰ পৰা ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আইনৰ অধীনৰ তিনি টকীয়া চাউল এতিয়াৰ পৰা মাত্ৰ এটকাতে হিতাধিকাৰীয়ে লাভ কৰিব বুলি মন্তব্য কৰে।