NORTHEAST NOW (Assamese)

অসম আৰক্ষীত পুনৰ ৰদ-বদল : কেবাগৰাকী আইপিএছ আৰু এপিএছ বিষয়াক বদলি

May 18, 2021 5:45 pm · এন ই নাও নিউজ
Updated: May 18, 2021 5:50 pm

অসম আৰক্ষীৰ কেবাগৰাকী আইপিএছ আৰু এপিএছ বিষয়াক বদলি কৰা হৈছে। ৰাজ্য গৃহ(প্ৰশাসনীয়) বিভাগে ১৮ মে’ত জাৰি কৰা এক নিৰ্দেশনা যোগে এই বদলি নিৰ্দেশ জাৰি কৰিছে।

মংগলবাৰে গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত আৰু সচিব এম এছ মনিভান্ননে জাৰি কৰা নিৰ্দেশনা অনুসৰি অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ কংকন জ্যোতি শইকীয়া (আইপিএছ)ক চিআইডি, গুৱাহাটীৰ অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

আইপিএছ শিলাদিত্য চেতিয়াক কাহিলীপাৰাস্থিত ১০ এপিবিএনৰ কামাণ্ডেণ্ট, ধেমাজিৰ আৰক্ষী অধীক্ষক ডঃ ধনঞ্জয় পৰশুৰাম ঘানাৱাট(আইপিএছ)ক শোণিতপুৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।

অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ এপিএছ বিষয়া মুগ্ধজ্যোতি দেৱ মহন্তক গুৱাহাটীৰ মান্দাকাটাস্থিত চিডিঅ’ বেটেলিয়নৰ কামাণ্ডেণ্ট আৰু উক্ত পদত কাৰ্যনিৰ্বাহ কৰি থকা ৰঞ্জন ভুঞা(এপিএছ)ক ধেমাজিৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

অমৃত ভূঞা(এপিএছ)ক গৃহ বিভাগৰ পূৰ্বৰ অধিসূচনা অনুসৰি খালী থকা বঙাইগাঁৱৰ অভয়াপুৰীৰ অষ্টম এপিবিএনৰ কামাণ্ডেণ্ট হিচাপে নিযুক্ত কৰা হৈছে।

তিনিচুকীয়াৰ মাকুমস্থিত দ্বিতীয় অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেন্ট হৰেকৃষ্ণ নাথ(এপিএছ)ক গুৱাহাটী নিৰাপত্তা আৰু চোৰাংচোৱা শাখাৰ খালি থকা উপ আয়ুক্ত পদত নিযুক্তি দিয়া হৈছে।

মানৱেন্দ্ৰ দেৱ ৰয়(এপিএছ)ক বহমপুৰৰ নৱম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেন্ট আৰু ডঃ নন্দ সিং(এপিএছ)ক মাকুমস্থিত দ্বিতীয় আৰক্ষী বেটেলিয়নৰ কামাণ্ডেন্টৰ দায়িত্ব দিয়া হৈছে।

এই সকলো আৰক্ষী বিষয়াকে ৪৮ৰ পৰা ৭২ ঘণ্টাৰ ভিতৰত নিজ নিজ নতুন পদত যোগ দিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে।

Related News