৩ মে’লৈ ল’কডাউন অব্যাহত থাকিলেও ২১ এপ্ৰিলৰ পৰা কি কি কৰিব পাৰিব আপুনি?

ল’কডাউন থাকিলেও ৰাজ্যত অহা ২১ এপ্ৰিলৰ পৰা কিছু সংখ্যক কামৰ ক্ষেত্ৰত নিষেধাজ্ঞা উঠাই দিছে চৰকাৰে।

ইয়াৰ ভিতৰত ২১ এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিয়ান, পানী মিস্ত্ৰী, মটৰ মেকানিক, কম্পিউটাৰ, মোবাইল মেকানিকে মানুহৰ ঘৰত গৈ বেয়াহোৱা সামগ্ৰীৰ মেৰামতি কৰিব পাৰিব।

ৰাজ্য চৰকাৰৰ জনসংযোগ সঞ্চালকালয়ে এক জাননীৰ জৰিয়তে এই কথা জনাইছে।

অৱশ্যে গ্ৰাহকৰ পৰা সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে জনসংযোগ বিভাগে।

ইয়াৰোপৰি, অন্য কিছুমান কামো জনসাধাৰণে অহা ২১ এপ্ৰিলৰ পৰা আৰম্ভ কৰিব পাৰিব বুলি জানিব পৰা গৈছে।

২১ এপ্ৰিলৰ পৰা কৃষি-উদ্যান শস্যৰ লগত জড়িত সকলো কাম-কাজ আৰম্ভ কৰিব পাৰিব অসমৰ কৃষক ৰাইজে লগতে পশু-পালনৰ সকলো কাম-কাজ আৰম্ভ হ’ব।

সাগৰীয় বা অন্যান্য খণ্ডৰ মৎস্য উৎপাদনৰ কাম আৰম্ভ কৰিব পাৰিব মৎস্য উৎপাদনকাৰীয়ে।

আনহাতে, MNREGA আঁচনিৰ অধীনৰ কামসমূহো অহা ২১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব যদিও এইক্ষেত্ৰত শ্ৰমিকসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক আৰু তেওঁলোকেও সামাজিক দূৰত্ব মানি চলি নিজকে কৰ্মত নিয়োগ কৰিব পাৰিব।

তদুপৰি, ৰাজ্য চৰকাৰৰ অধীনৰ কাৰ্য্যালয়সমূহ উক্ত দিনাৰ পৰা মুকলি হোৱাৰ লগতে ব্যক্তিগত বা বাণিজ্যিক কাৰ্য্যালয়ৰ কাম-কাজ আৰম্ভ কৰিব পাৰিব।

এইক্ষেত্ৰত সামাজিক দূৰত্বৰ কথা লক্ষ্য ৰাখি ৫০ শতাংশ বিষয়া কৰ্মচাৰীৰে চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়সমূহ চলাব লাগিব।

পৰিবহনৰ ক্ষেত্ৰত সামগ্ৰী কঢ়িওৱা বাহনসমূহ চলাচল কৰিব পাৰিব। লগতে কাৰ্য্যালয়লৈ যাবলৈ ব্যৱহৃত সকলো বেচৰকাৰী বাহনকো অনুমতি প্ৰদান কৰা হৈছে।

উদ্যোগ খণ্ডতো চৰকাৰী বা বেচৰকাৰী উদ্যোগত সীমিত সংখ্যক শ্ৰমিক কৰ্মচাৰীৰে কাম আৰম্ভ কৰিব পাৰিব।

অৱশ্যে এই সুবিধাসমূহ কনটেইনমেন্ট জ’নৰ বাবে এই সুবিধাসমূহ উপলব্ধ নহ’ব।