NORTHEAST NOW (Assamese)

আজিৰে পৰা অসমত আৰু শিথিল হ’ব আনলক ৩.০: গুৱাহাটীত চলিব চিটিবাছ

August 17, 2020 7:51 am · এন ই নাও নিউজ

কোভিড-১৯ৰ বাবে চলি থকা আনলক-৩.০ৰ নিৰ্দেশনা অসম চৰকাৰে সোমবাৰৰ পৰা আৰু কিছু শিথিল কৰি দিছে।

অৱশ্যে, সপ্তাহৰ অন্তিম দুদিন শনিবাৰ আৰু দেওবাৰে লকডাউন অব্যাহত আছে।

আনহাতে, নিশাৰ কাৰ্ফিউৰ সময় নিশা ৯বজাৰ পৰা পুৱা ৫বজালৈ থাকিব।

সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ পথৰ দুয়ো ফালে দোকান খুলিব পাৰিব।

সোমবাৰৰ পৰা শুকুৰবাৰলৈ বাহনত ৫০ শতাংশ যাত্ৰীৰে  আন্তঃজিলা ভ্ৰমণ কৰিব পাৰিব।

সেইদৰে কোভিড প্ৰট’কল মানি ৫০ শতাংশ যাত্ৰীৰে আজিৰ পৰা গুৱাহাটীত চিটি বাছ চলাচল কৰিব।

কোভিড প্ৰট’কল মানি ৫০ শতাংশ যাত্ৰীৰে ৰাজহুৱা পৰিবহণ ব্যৱস্থাও আৰম্ভ হ’ব।

ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱা, ধঁপাত সেৱন দণ্ডনীয় হ’ব।

সামাজিক, ৰাজনৈতিক, ক্ৰীড়া, মনোৰঞ্জন, শৈক্ষিক, ধৰ্মীয় আদি অনুষ্ঠানত ৫০ জনত কৈ বেছি লোক উপস্থিত থাকিব নোৱাৰিব।

সেইদৰে চিনেমা হল,পাৰ্ক,ৰাজহুৱা প্ৰেক্ষাগৃহ,ছুইমিং পুল, বাৰ আদি বন্ধ থাকিব।

কণ্টেইনমেণ্ট জ’নত সকলো ধৰণৰ কাৰ্যাৱলী বন্ধ থাকিব আৰু ইয়াত কোনেও প্ৰৱেশ অথবা ইয়াৰ পৰা প্ৰস্থান কৰিব নোৱাৰিব।

আনহাতে, মাস্ক পৰিধান নকৰা সকলক ১০০০ টকাৰ জৰিমনা বিহা হ’ব বুলিও চৰকাৰে ঘোষণা কৰিছে।

 

Related News