ৰাজ্য চৰকাৰৰ ‘জ্যোতি স্মৰণ’ৰ কৃপাত জ্যোতিপ্ৰসাদৰ ন-জন্ম পঞ্জিকা

Jyoti Prasad Agarwala

আজি শিল্পী দিৱস। ৰাজ্যজুৰি স্মৰণ কৰা হৈছে সুন্দৰৰ পূজাৰী, ৰূপান্তৰৰ বাহক জ্যোতিপ্ৰসাদ আগৰৱালাক। অসমীয়া সমাজ-সংস্কৃতিৰ চিৰ প্ৰবাহমান ধাৰাত প্ৰাণ সঞ্চাৰ কৰা মহাশিল্পীগৰাকীৰ মৃত্যুৰ দিনটোত ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে।

ৰাজ্যৰ সাধাৰণ জনতাৰ লগতে আজি অসম চৰকাৰেও সুঁৱৰিছে সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদক। পিছে অসম চৰকাৰৰ কৃপাত আজি জ্যোতিপ্ৰসাদৰ মৃত্যুদিন নহয়, জন্মদিনৰ লগত সংগতি ৰাখিহে উদযাপন কৰা হৈছে শিল্পী দিৱস।

হয়, ঠিকেই শুনিছে। আচৰিত যেন লাগিলেও এয়াই সত্য। ন-ইতিহাস লিখনৰ মন্ত্ৰ শেহতীয়াকৈ মুখত আখৈ ফুটাদি ফুটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীষতে আজি জ্যোতিপ্ৰসাদৰ মৃত্যুদিন নহয়, জন্মদিনহে!

শিল্পী দিৱসৰ শুভেচ্ছা জনাই আজি অসম চৰকাৰে বাতৰি কাকতত প্ৰকাশ কৰিছে বিজ্ঞাপন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ সুন্দৰৰ পূজাৰীগৰাকীলৈ জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি।

ৰাজ্যৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ দ্বাৰা প্ৰচাৰিত বিজ্ঞাপনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্ধৃতি দি লিখা হৈছে, “ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিনত সুন্দৰৰ পূজাৰীগৰাকীলৈ অসমবাসীৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।”

বিজ্ঞাপনটো সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে খলকনি তোলে, সৃষ্টি হয় তুমুল বিতৰ্কৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া সমাজ-সাহিত্য-শিল্প-সংস্কৃতিক মহীয়ান কৰি তোলা জ্যোতিপ্ৰসাদক সুঁৱৰি পালন কৰা দিনটোৰ মহত্ব সঁচাকৈয়ে নাজানে নেকি বুলি প্ৰশ্ন উঠিছে।

সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে আন এক বিষয়ো। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ইতিহাস নতুনকৈ লিখাৰ পোষকতা কৰি ধাৰাবাহিক মন্তব্য কৰি আহিছে। এতিয়া জ্যোতিপ্ৰসাদৰ মৃত্যুদিনক জন্মদিন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েই ইতিহাস পুনৰ লিখনৰ প্ৰাৰম্ভণি ঘটোৱা বুলি সৰস চৰ্চা চলিছে।

একেটা প্ৰসঙ্গতে উচ্চাৰিত হৈছে স্বামী বিবেকানন্দৰ নামো। শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ প্ৰাগজ্যোতিষ প্ৰকল্পত অনুষ্ঠিত এক অনুষ্ঠানত আন এক উদ্ভট মন্তব্য কৰিছিল। অনুষ্ঠানত নিজ ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই ২০০১ চনৰ ১৭ এপ্ৰিলত অসম ভ্ৰমণ কৰিছিল বুলি মন্তব্য কৰিছিল।

মুখ্যমন্ত্ৰীৰ এই মন্তব্যই স্বাভাৱিকতেই খলকনি তুলিছিল। বিবেকানন্দৰ অসম ভ্ৰমণৰ কোনো তথ্য এতিয়ালৈকে প্ৰকাশ পোৱা নাই। তাৰোপৰি স্বামী বিবেকানন্দৰ মৃত্যু ঘটিছিল ১৯০২ চনত। ঊনবিংশ শতিকাৰ প্ৰাৰম্ভণিতে মৃত্যু হোৱা বিবেকানন্দই এটা শতিকাৰ পিছত ২০০১ চনত কিদৰে অসম ভ্ৰমণ কৰিছিল সেয়া কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰহে জ্ঞাত!

এনেবোৰ কাৰণতে এতিয়া উত্থাপন হৈছে, ইতিহাস পুনৰ লিখনত হাত উজান দিলেই নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই! অসম চৰকাৰৰ এনে ভুল শিল্পী জ্যোতিপ্ৰসাদৰ প্ৰতি চূ়ড়ান্ত অপমান নহয়নে? এনে ভুলৰ বাবে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষমা বিচাৰিবনে?

নে আন বিষয়তো তুলুঙা মন্তব্য কৰি নিজকে সৰ্বজান্তা ৰূপত প্ৰক্ষেপ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপেক্ষা কৰিব এই ভুলকো!