শিক্ষা বিভাগৰ কেইবাটাও ঘোষণাৰে আজি জনতা ভৱনত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মন্ত্ৰীজনৰ ঘোষণাত ২২ হাজাৰ ছাত্ৰীক স্কুটি, শ-শ বিদ্যালয়-মহাবিদ্যালয় প্ৰাদেশিকীকৰণ; হাজাৰ হাজাৰ অপ্ৰাদেশীকৃত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ ইত্যাদি বিষয়ে স্থান পায়।
সংবাদমেলত ড০ শৰ্মাই কয় ‘সুদীৰ্ঘ ৬ বছৰৰ অন্তত অসম চৰকাৰে কেবাখনো বিদ্যালয়ৰ প্ৰাদেশিকীৰণ কৰে। বৰ্তমানলৈকে মুঠ ৩৫৫ খন বিদ্যালয় প্ৰাদেশিকীৰণ কৰা হৈছে। এই বিদ্যালয়সমূহৰ ভিতৰত আছে ১৯৭ খন উচ্চ মাধ্যমিক বিদ্যালয়, ৯ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জুনিয়ৰ কলেজ ১৪৯ খন।‘
তেওঁ লগতে উল্লেখ কৰি কয় ‘২৭ খন মহাবিদ্যালয়কো প্ৰাদেশিকীৰণ কৰা হ’ব।‘
তদুপৰি, মাধ্যমিক শিক্ষা পৰিষদৰ ৩০৪৯ গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘ঠিক তেনেদৰে উচ্চ শিক্ষা বিভাগৰ অধীনত ৯৩৯ গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়া কৰা হৈছে।‘
ৰাজ্যপালে এইসমূহ পদত আজি অনুমোদন জনায় বুলি তেওঁ জানিবলৈ দিয়ে।
ইপিনে, ২১ আগষ্টৰ পৰা ৩০ আগষ্টৰ ভিতৰত প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ সকলো শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীসকলে বাধ্যতামূলক ভাৱে কোভিড পৰীক্ষা কৰাব লাগিব বুলি উল্লেখ কৰি তেওঁৰ ঘোষণা ‘১ ছেপ্তেম্বৰত যোগদান কৰিব লাগিব কৰ্মস্থানত। তদুপৰি কৰ্মস্থানত যোগদান নকৰিলে দৰমহা কৰ্তন কৰা হ’ব।‘
অৱশ্যে, ছাত্ৰ-ছাত্ৰী কেতিয়া বিদ্যালয়লৈ আহিব সেয়া ৰাজ্য চৰকাৰে ভাৰত চৰকাৰৰ নিৰ্দেশ পোৱাৰ পিছতহে জনাব বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে।
তদুপৰি, মুঠ ১৫০ গৰাকী শিক্ষকক লৈ ৫ ছেপ্তেম্বৰৰ দিনা শিক্ষক দিৱস ৰাজ্যিকভাৱে অনুষ্ঠিত হ’ব বুলি তেওঁ জনায়।
‘৫০ গৰাকী শিক্ষকক লগত লৈ জিলাসমূহতো শিক্ষক দিৱস অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত শিক্ষাৰ্থী থাকিব নোৱাৰিব।’ কোভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ জনায়।
তাৎপৰ্যপূৰ্ণভাৱে, ভাদ মাহত নামঘৰলৈ যোৱা লোকসকলক সাৱধান কৰি দি মন্ত্ৰী হিমন্তই কয় ‘১৫ জনতকৈ অধিক লোক নামঘৰত একেলগে সমবেত হ’ব নোৱাৰিব।‘
ইয়াৰোপৰি, ৰাজ্যৰ ২২ হেজাৰ ছাত্ৰীলৈ অসম চৰকাৰৰ তৰফৰ পৰা স্কুটি দিয়া হ’ব বুলি উল্লেখ কৰি হিমন্তই লগতে কয় ‘উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগ পোৱা ২২ হেজাৰ ছাত্ৰীক এই স্কুটি দিয়া হ’ব। এই বাহনসমূহৰ খৰচ প্ৰতিখনতে ৫০ৰ পৰা ৫৫ হেজাৰকৈ হ’ব বুলি অনুমান কৰা হৈছে।‘
ভাৰতী আঁচনিৰ অধীনত এই স্কুটি প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীয়ে সদৰী কৰে।
ইপিনে, কোনো লোকে বিচাৰিলে বৈদ্যুতিক ব্যৱস্থাৰে চলাচল হোৱা স্কুটিও যোগান ধৰা হ’ব বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘এইক্ষেত্ৰত উচ্চ শিক্ষা সঞ্চালকালয়ে দিয়া sebaonline.org নামৰ ৱেবচাইটত বৈদ্যুতিক স্কুটি লাগিব নেকি উল্লেখ কৰিব পাৰিব।‘
অক্টোবৰ মাহৰ ১৫ তাৰিখৰ পূৰ্বেই স্কুটি দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জনায়।