এন আৰ চিৰ নতুন ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি লাভ কৰিছে হিতেশ দেৱ শৰ্মাই।
ৰাজ্যৰ পাৰ্চনেল বিভাগৰ আয়ুক্ত সচিব ড০ কে কে দ্বিৱেদীয়ে এখন জাননীৰ জৰিয়তে আজি এই কথা জনাইছে।
বৰ্তমান ৰাজ্য চৰকাৰৰ গ্ৰামোন্নয় আৰু বিত্ত বিভাগৰ সচিব হিচাপে কৰ্মৰত শৰ্মাক গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব হিচাপে আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক হিচাপে বদলি কৰা হৈছে, ৰাজ্যপালৰ নিৰ্দেশটো বহন কৰা জাননীখনত প্ৰকাশ।
শৰ্মা ’৮৯ বেচ্ছৰ এ চি এছ বিষয়া। তেওঁ ২০১৮ চনৰ ৩ অক্টোবৰত বিত্ত বিভাগৰ সচিব হিচাপে নিযুক্তি লাভ কৰিছিল। তাৰ পূৰ্বে তেওঁ নগৰ উন্নয়ন বিভাগৰ সচিব আছিল।
ইপিনে, আজিৰ দিনটোতে এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক মধ্য প্ৰদেশলৈ বদলি কৰা হৈছে আৰু অহা ১১ নৱেম্বৰত তেওঁক ৰাজ্য চৰকাৰে বিদায় দিব।
উল্লেখযোগ্য যে, হাজেলাই ২০১৩ চনৰ ছেপ্তেম্বৰৰ পৰা অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ মুখ্য সমন্বয়ক হিচাপে কাৰ্যনিবাহ কৰি আছিল।
যোৱা ১৮ অক্টোবৰত দেশৰ উচ্চতম ন্যায়ালয়ে হাজেলাক মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ দিছিল। হাজেলাৰ জীৱনৰ প্ৰতি ভাবুকি নামি অহাৰ শংকা প্ৰকাশ কৰি আজি উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰিছিল।