NORTHEAST NOW (Assamese)

বিশ্ব পৰিৱেশ দিনাই ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়াৰ সিদ্ধান্ত

June 5, 2021 12:48 pm · কল্পজ্যোতি শইকীয়া
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

বিশ্ব পৰিৱেশ দিৱসৰ দিনাই বিটিআৰৰ ৰাইমনা অভয়াৰণ্যলৈ আহিছে এক ভাল খবৰ।

আজিৰে পৰা ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ফেচবুকযোগে এই কথা জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ লগতে দিহিং পাটকাইলৈয়ো এক ভাল খবৰ অহাৰ ইংগিত দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। দিহিং পাটকাইকো ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়াৰ কাম চলি আছে বুলি তেওঁ কয়।

যোৱা বৰ্ষৰ নৱেম্বৰ মাহৰ পৰাই ৰিপু অভয়াৰণ্যক ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানলৈ ৰূপান্তৰিত কৰাৰ বাবে কাম-কাজ চলি আছিল।

ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যানলৈ ঘোষণা কৰাৰ লগে লগে অসমত মুঠ ৬ খনলৈ বৃদ্ধি পালে ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা। পূৰ্বতে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল ক্ৰমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানে।

তদুপৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত অন্য কেতবোৰ ঘোষণা কৰা পৰিলক্ষিত হয়।

ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগক আজিৰ পৰা বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ হিচাপে নতুনকৈ নামকৰণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

ইপিনে, তেওঁ যুৱ সমাজক জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শ অনুসৰণ কৰি বহনক্ষম পদ্ধতি গ্ৰহণেৰে অধিক গছপুলি ৰোপণ কৰিবলৈ আৰু পৰিৱেশ সুৰক্ষাৰ দিশত আন্তৰিকতাৰে কাম কৰিবলৈ আহ্বান জনায়।

Related News