NORTHEAST NOW (Assamese)

তৰুণ গগৈৰ বিয়োগ; অসম চৰকাৰৰ তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা

November 23, 2020 7:15 pm · এন ই নাও নিউজ

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ বিয়োগত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক ব্যক্ত কৰে।

সোণোৱালে সংবাদ মাধ্যমৰ আগত তৰুণ গগৈৰ মৃত্যুত তেওঁ পিতৃ সদৃশ ব্যক্তিত্ব হেৰুৱালে বুলি মন্তব্য কৰে।

‘‘তেওঁ যথেষ্ট অভিজ্ঞ আছিল…..মই মুখ্য মন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতে তৰুণ গগৈৰ ঘৰলৈ গৈছিলো আৰু তেওঁৰ উপদেশ বিচাৰিছিলো আৰু তৰুণ গগৈয়ে মোক চিন্তা নকৰিবলৈ কৈ সদায় সহায় কৰিম বুলি কৈছিল…..মোক পুত্ৰৰ দৰে মৰম কৰিছিল…….গগৈ দাৰ মৃত্যুত ৰাজ্যই এগৰাকী অভিভাৱক হেৰুৱালে,’’ সোণোৱালে সংবাদমাধ্যমৰ আগত এইদৰে কয়।

আনহাতে, প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ মৃত্যুত ৰাজ্যত তিনিদিনীয়া শোক ঘোষণা কৰিছে মুখ্য মন্ত্ৰী সোণোৱালে।

আজি নিশাটো তৰুণ গগৈৰ নশ্বৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলতে ৰখা হ’ব বুলি জানিব পৰা গৈছে।

কাইলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে জনপ্ৰিয় নেতাগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হ’ব।

প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ বিয়োগত দেশৰ ৰাষ্ট্ৰপতি ৰামানথ কোবিন্দ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগতে চৰকাৰ আৰু বিৰোধীৰ সকলো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতাই গভীৰ শোক ব্যক্ত কৰে।

Related News