অসম চৰকাৰে চলি থকা শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত চাহ জনজাতি আৰু আদিবাসী জনগোষ্ঠীৰ বাবে ৩ শতাংশ সংৰক্ষণ ব্যৱস্থাৰ পৰিকল্পনাৰে এক সিদ্ধান্ত ঘোষণা কৰে।
শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে এক্সত এটা টুইটৰ জৰিয়তে এই পদক্ষেপক প্ৰসংশা কৰি কৰি কয় যে, “অসম চৰকাৰৰ এক অধিসূচনা অনুসৰি বৰ্তমানৰ শিক্ষক নিযুক্তিত অ’বিচি/এমঅ’বিচি সম্প্ৰদায়ৰ বাবে থকা ২৭% সংৰক্ষণৰ ভিতৰত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ বাবে ৩% আসন সংৰক্ষণ থাকিব।”
টুইটত মন্ত্ৰী পেগুৱে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে সকলো নিযুক্তিত এই নীতি ৰূপায়ণৰ এক বিশদ অধিসূচনা শ্বেয়াৰ কৰে, য’ত অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত শিক্ষক আৰু অশিক্ষক দুয়োটা পদেই সামৰি লোৱা হৈছে।
এই কৌশলগত সিদ্ধান্তৰ লক্ষ্য হৈছে সমাজৰ বিভিন্ন দিশত চাহ জনজাতি আৰু আদিবাসী জনগোষ্ঠীৰ প্ৰতিনিধিত্ব আৰু সক্ৰিয় অংশগ্ৰহণ।
শিক্ষক আৰু অশিক্ষক উভয় পদতে সংৰক্ষণৰ সম্প্ৰসাৰণ কৰি চৰকাৰে অধিক বৈচিত্ৰময় শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ আকাংক্ষা কৰিছে।