আদালতৰ ৰায়ৰ ওপৰত নিৰ্ভৰ কৰিছে অসম চৰকাৰৰ মিডিয়া ফেল’শ্বিপ-২০২০-২১

জনসংযোগ

অসম চৰকাৰৰ জনসংযোগ বিভাগে যোৱা ৫ অক্টোবৰত ২০-২০২১বৰ্ষৰ বাবে মিডিয়া ফেল’শ্বিপৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছিল।

জনসংযোগ বিভাগৰ উক্ত বিজ্ঞাপনৰ আসোৱাহ আঙুলিয়াই দি নৰ্থইষ্ট নাওৰ মুখ্য সম্পাদক অনিৰ্বান ৰয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা এখন লেখ আবেদনৰ ভিত্তিত আদালতখনে বুধবাৰে মিডিয়া ফেল’শ্বিপ-২০২১’ ঘোষণা আদালতৰ পৰৱৰ্তী চূড়ান্ত ৰায়ৰ পাছতহে কৰিব পাৰিব বুলি স্পষ্ট কৰি দিছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামে এই নিৰ্দেশনা প্ৰদান কৰিছে।

যোৱা ৫ অক্টোবৰত অসম চৰকাৰৰ জনসংষোগ বিভাগে জাৰি কৰা বিজ্ঞাপন অনুসৰি ৰাজ্যখনৰ ২০গৰাকী সাংবাদিকক মিডিয়া ফেল’শ্বিপ প্ৰদান কৰা হ’ব।

এই মিডিয়া ফেল’শ্বিপৰ বাবে আবেদনৰ অন্তিম তাৰিখ ধাৰ্য কৰা হৈছে অহা ২৭ অক্টোবৰ।

দেখা যায় যে, ২০১৮ চনত প্ৰথমবাৰৰ বাবে মিডিয়া ফেল’শ্বিপ প্ৰৱৰ্তন কৰা হৈছিল। সেইবাৰ ২০১৮-১৯ বৰ্ষৰ বাবেও ২০গৰাকীক মিডিয়া ফেল’শ্বিপ দিয়া হৈছিল।

উক্ত বৰ্ষত মিডিয়া ফেল’শ্বিপ প্ৰদান কৰা সাংবাদিকৰ মাজত ডিজিটেল মিডিয়াৰ সাংবাদিকো আছিল।

২০১৮চনৰ ৩১ মাৰ্চত প্ৰকাশ পোৱা চৰকাৰী নিৰ্দেশনাত যোগ্যতাৰ চৰ্তত বাতৰিকাকতৰ লগতে ইলেকট্ৰ’নিক মিডিয়া, অনলাইন আৰু নিউজ এজেন্সিকো অন্তৰ্ভুক্ত কৰা হৈছিল।

আনহাতে, ২০২০ৰ ১৮ ছেপ্টেবৰত তথ্য আৰু জনসংযোগ বিষয়া এন জি সোণোৱালে এক সংশোধনী (Corrigendum) প্ৰকাশ কৰে।

উক্ত সংশোধনীত উল্লেখ কৰা মতে অনলাইন মিডিয়াক ড্ৰপ কৰি দিয়া হয় কিয়নো অনলাইন মিডিয়া অসম চৰকাৰৰ বিজ্ঞাপন নীতিত অন্তৰ্ভুক্ত নহয়।

উল্লেখ্য যে ২০১৮-১৯চনৰ মিডিয়া ফেল’শ্বিপ প্ৰদান কৰা ২০জনীয়া তালিকাত অনলাইন মিডিয়াৰ সাংবাদিকো আছিল।

২০১৮ৰ ৩১ মাৰ্চত প্ৰকাশ কৰা নিৰ্দেশনাটোত এই ফেল’শ্বিপ দিয়াৰ কাৰণ উল্লেখ কৰি কোৱা হৈছিল, ’’For improvement of the professional skills and up-gradation of their knowledge in the relevant field of Journalism.’’

এতিয়া মূল প্ৰশ্নটো হ’ল মিডিয়া ফেল’শ্বিপৰ সৈতে বিজ্ঞাপন নীতিৰ (Avertisement Policy)ৰ সম্পৰ্ক কি?

আমি যদি Assam Govt. Advertisement Policy,2008 with ammendment-2010’ লৈ চাও, তাত বিজ্ঞাপন মূলত: Advertisement for Newspaper, Magazine and periodical ৰ বাবেহে আছে।

কিন্তু Advertisement Policy,2008, clause-7(iv) যদি চাও, তেতিয়াহ’লে তাত লিখা আছে যে ‘’Director of Information and Public Relation may issue Advertisement in Electronic Media, namely Radio, TV, Internet and other media etc. for wide publicity and to meet immediate necessity.’’

গতিকে, আবেদনকাৰী নৰ্থইষ্ট নাওৰ মুখ্য সম্পাদক অনিৰ্বান ৰয়ৰ অধিবক্তা বি চক্ৰৱৰ্তীয়ে উক্ত সংশোধনী(Corrigendum) টো অবৈধ বুলি কয় আৰু অনলাইন মিডিয়াকো এই মিডিয়া ফেল’শ্বিপৰ বাবে আবেদনৰ অনুমতি দিবলৈ প্ৰাৰ্থনা জনায়।

উচ্চ ন্যায়ালয় উক্ত ৰায়ৰ পৰৱৰ্তী শুনানি অহা ১৬ নৱেম্বৰ, ২০২০ত অনুষ্ঠিত হ’ব।