দীনদয়াল উপাধ্যায়ৰ হিন্দী জীৱনীৰে ভৰোৱা হৈছে ৰাজ্যৰ পুথিভঁৰাল; ১.৬ কোটি টকা ব্যয় ৰাজ্য চৰকাৰৰ

deen-dayal-upadhyay-antyodaya-750x375

অসমৰ জনসাধাৰণৰ মাজত বিশেষ পৰিচয় নথকা দীনদয়াল উপাধ্যায়ক জনমানসত প্ৰতিস্থা কৰাৰ উদ্দেশ্যে উঠি-পৰি লাগিছে ৰাজ্য চৰকাৰ। ৰাজ্যৰ বিভিন্ন পুথিভঁৰাললৈ আৰ এছ এছৰ তাত্তিক তথা ভাৰতীয় জন সংঘৰ অন্যতম প্ৰতিস্থাপক গৰাকীৰ জীৱনী গ্ৰন্থ যোগান ধৰাৰ বাবত ৰাজ্য চৰকাৰে ১.৬ কোটি টকা ব্যয় কৰিছে।

বুধবাৰে বিধানসভাৰ মজিয়াত কংগ্ৰেছৰ নেতা দেবব্ৰত শইকীয়াই সোধা এক প্ৰশ্নৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই দিয়া উত্তৰত এই কথা পোহৰলৈ আহে।

মহন্তই সদনক জনোৱা মতে অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন পুথিভঁৰাল, শিক্ষানুষ্ঠান আৰু অন্যান্য বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানক এতিয়ালৈকে ১৫ খণ্ডৰ ৪০০০খনকৈ মুঠ ৬০ হাজাৰখন দীনদয়াল উপাধ্যায়ৰ জীৱনী যোগান ধৰিছে। লক্ষ্যণীয়ভাবে উক্ত ৬০ হাজাৰ গ্ৰন্থই হৈছে হিন্দী ভাষাত লিখা।

মন্ত্ৰী গৰাকীয়ে সদৰী কৰা অনুসৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰামৰ্শত পুথিভঁৰাল সঞ্চালকালয়ে উক্ত গ্ৰন্থসমূহ ক্ৰয় কৰিছে। তদুপৰি দিল্লীৰ প্ৰভাত প্ৰকাশন নামৰ এক প্ৰকাশন গোষ্ঠীটোৰ পৰা ১.৬ কোটি টকাৰে উক্ত গ্ৰন্থসমূহ ক্ৰয় কৰা হৈছে বুলি দেবব্ৰত শইকীয়াৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী কেশৱ মহন্তই সদনক অৱগত কৰে।

আনহাতে, দীনদয়াল উপাধ্যায়ৰ দৰে অসমৰ আন ব্যক্তিৰো জীৱনী ক্ৰয় কৰাৰ ৰাজ্য চৰকাৰৰ কিবা প্ৰস্তাৱ আছে নেকি বুলি শইকীয়াই সোধাত মন্ত্ৰী গৰাকীয়ে ‘অসমৰ আন ব্যক্তিৰ জীৱনী ক্ৰয় কৰাৰ বাবে চৰকাৰৰ এনেধৰণৰ কোনো প্ৰস্তাৱ নাই’ বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে যোৱা বছৰ অসম চৰকাৰে ৰাজ্যৰ ১২খন নতুন আদৰ্শ মহাবিদ্যলয় দীনদয়াল উপাধ্যায়ৰ নামত কৰাৰ সিধান্ত লৈছিল। কিন্তু ইয়াকলৈ ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ পতিক্ৰিয়াৰ সৃষ্টি হোৱাত চৰকাৰে উক্ত সিদ্ধান্ত বাতিল কৰিবলৈ ব্যধ্য হয়।