• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৃষক বিৰোধী ৰাজ্য চৰকাৰ! ধান ক্ৰয়ৰ বাবে অধিসূচনাই জাৰি কৰা নাই; মধ্যভোগীলৈ সুযোগ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 16, 2023 5:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাৰিফ শস্য বিপণন বৰ্ষ ২০২২–২৩ ৰ বাবে নূন্যতম সহায়ক মূল্যত (এম এছ পি) ধান ক্ৰয়ৰ দ্বাৰা সমগ্ৰ দেশৰ ৯৬ লাখৰো অধিক কৃষকে লাভৱান হোৱাটো এটা ভাল খবৰ যদিও অসমৰ ক্ষেত্ৰত চৰকাৰৰ হেমাহিয়ে ৰাজ্যৰ কৃষকক ইয়াৰ লাভৰ পৰা বঞ্চিত কৰিছে।

সাধাৰণতে ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে ধান ক্ৰয়ৰ অধিসূচনা জাৰি কৰা হয় যদিও এইবাৰ ২০২৩-২৪ বৰ্ষৰ বাবে অসমত এতিয়ালৈকে চৰকাৰে ধান ক্ৰয়ৰ অধিসূচনা জাৰি কৰা নাই। ইয়াৰ বিপৰীতে পঞ্জাৱ, হাৰিয়ানা, ছত্তীশগড়, উত্তৰাখণ্ড আদি ৰাজ্যত ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। ইয়াৰ ফলত সেই ৰাজ্যসমূহৰ কৃষকসকলে চৰকাৰী আঁচনিৰ সুফল লাভ কৰাৰ বিপৰীতে আমাৰ অসমৰ কৃষকসকল বঞ্চিত হ’ব।

স্বাভাৱিকতে ধান ক্ৰয়ৰ বাবে অধিসূচনা জাৰি কৰাৰ পৰা এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ প্ৰায় তিনিমাহ সময় লাগে। কিয়নো ইয়াৰ সৈতে জড়িত কামবোৰ- ধান সংগ্ৰহৰ বাবে মানুহ, গাড়ী, বস্তা, চাউল উৎপাদন, গুডাম সাজু কৰাকে ধৰি এই শৃংখলাত সম্পৰ্কিত হৈ থকা সকলো প্ৰস্তুতিৰ বাবে যথেষ্ট সময় লাগে।

কিন্তু ৰাজ্য চৰকাৰে প্ৰক্ৰিয়াটো আৰম্ভ কৰোতে পলম কৰি কৃষকসকলক উপকৃত কৰাৰ পৰা বঞ্চিত কৰিবলৈ ওলাইছে। অসমত এই প্ৰক্ৰিয়া চলি থকাৰ সময়তে পঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যৰ পৰা চাউল আহি অসমৰ গুডামসমূহ ভৰি পৰিব। তেনেক্ষেত্ৰত চৰকাৰে মজুতকৰণৰ অভাৱত ধান ক্ৰয় বন্ধ কৰি দিব পাৰে। সেয়ে হ’লে অসমৰ কৃষকসকল উপযুক্ত মূল্য লাভৰ (এম এছ পি)পৰা বঞ্চিত হ’ব আৰু সেই সুযোগ গ্ৰহণ কৰিব মধ্যভোগীয়ে।

শেহতীয়াকৈ দেশৰ বহু উদ্যোগপতিয়েও ধান ক্ৰয়ৰ বেপাৰত নামি পৰিছে আৰু বিভিন্ন দালালৰ জৰিয়তে কৃষকসকলৰ পৰা (এম এছ পি বঞ্চিত)কম মূল্যত শস্য ক্ৰয় কৰি মুনাফা লুটাৰ অভিযানত নামি পৰিছে। এইক্ষেত্ৰত অসমৰ কৃষকসকলো এনে মধ্যভোগীৰ জালত পৰাটো নিশ্চিত। ৰাজ্য চৰকাৰে জানি বুজিয়েই কৃষকসকলক এনে পৰিস্থিতিৰ মাজলৈ ঠেলি দিয়াৰ অভিযোগ উঠিছে।

বিগত বৰ্ষত ৰাজ্যত ধান ক্ৰয়ৰ ফলত ২.৫৩ লাখ মেট্ৰিক টনৰ পৰিমাণ স্পৰ্শ কৰিছে যদিও লাভৱান হোৱা কৃষকৰ সংখ্যা ২৯ হাজাৰতকৈও কম। সক্ৰিয় ধান ক্ৰয় কেন্দ্ৰ (পিপিচি)ৰ সংখ্যা বৃদ্ধি আৰু ধানৰ প্ৰমাণিত বিক্ৰেতাৰ পঞ্জীয়ন ১০ লাখ মেট্ৰিক টন ক্ৰয়ৰ লক্ষ্যত উপনীত হ’বলৈ অতি গুৰুত্বপূৰ্ণ। ১০ লাখ মেট্ৰিক টনৰ লক্ষ্যৰ বিপৰীতে ২০২১-২২ চনত ৰাজ্যখনে ৫.৬৫ লাখ মেট্ৰিক টন ক্ৰয় কৰিছিল। কিন্তু ২০২২-২৩ বৰ্ষত চৰকাৰে ১০ লাখ মেট্ৰিক টনৰ লক্ষ্যৰ বিপৰীতে প্ৰায় ৪ লাখ মেট্ৰিক টনহে ক্ৰয় কৰে। অৰ্থাৎ নিৰ্দ্ধাৰিত লক্ষ্যৰ ৪০ শতাংশতকৈও কম ক্ৰয় কৰিছে।  

অসম শীৰ্ষ দহখন ধান উৎপাদনকাৰী ৰাজ্যৰ ভিতৰত অন্যতম হোৱাৰ বাবে বিগত বছৰবোৰতকৈ অধিক পৰিমাণৰ ধান লাভ কৰাত কোনো ধৰণৰ আত্মতুষ্টিৰ স্থান নাই। কিয়নো চৰকাৰে এমএছপিত ধান ক্ৰয় কৰাৰ ক্ষেত্ৰত কৰা অৱহেলাৰ বাবে কৃষকসকল উপযুক্ত মূল্য লাভ কৰি উপকৃত হোৱাৰ আশাত চেঁচা পানী ঢালিছে।

কৃষকৰ ঘৰুৱা আয় বৃদ্ধিৰ বাবে এম এছ পিত ধান ক্ৰয় কৰাটো অতি গুৰুত্বপূৰ্ণ। ধানখেতিত নিয়োজিত গ্ৰাম্য পৰিয়ালৰ ক্ৰয় ক্ষমতা উন্নত কৰিলে গ্ৰাম্য অৰ্থনীতি শক্তিশালী হ’ব। ইয়াৰ ফলত কৃষকসকলে উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে কৃষি আৰু আনুষংগিক কাৰ্য্যকলাপত অধিক বিনিয়োগ কৰাত সুবিধা পাব৷ ধান ক্ৰয় প্ৰক্ৰিয়াৰ পৰা বাদ পৰি থকা কৃষকসকলে যদি উপযুক্ত পাৰিতোষিক মূল্য লাভ কৰাত ব্যৰ্থ হয় তেতিয়া কৃষি আৰু আনুষংগিক কামত তেওঁলোকৰ বিনিয়োগো হ্ৰাস পায়। কৃষি বিনিয়োগৰ এনে সংকোচনৰ ফলত কৃষি খণ্ডত জীৱিকাৰ সংকটৰ সৃষ্টি হৈছে আৰু কৃষি পৰিয়ালৰ সদস্যসকলে গাঁৱৰ পৰা চহৰ আৰু নগৰলৈ জীৱিকা আৰু কৰ্মসংস্থাপনৰ সন্ধানত প্ৰব্ৰজন কৰিছে।

২০২২-২৩ চনৰ শস্যৰ বাবে প্ৰতি কুইণ্টলত ২০৪০ টকা নিৰ্ধাৰণ কৰা ধানৰ এম এছ পিৰ ওপৰত চৰকাৰে ব্যাপক প্ৰচাৰ কৰিলে কৃষকসকলে ব্যৱসায়ীৰ সৈতে মূল্যৰ বিষয়ত আলোচনাত সহায় কৰিব পাৰিলেহেঁতেন। কিন্তু দূৰৈত অৱস্থিত ক্ৰয় কেন্দ্ৰসমূহে কৃষকসকলে মূল্যৰ আলোচনা কৰিবলৈ অক্ষম। ৰাজ্যত ক্ৰয় কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিলে অধিক কৃষকে নিজৰ ধান কেন্দ্ৰ আৰু ৰাজ্যিক ক্ৰয় সংস্থাক বিক্ৰী কৰিবলৈ পঞ্জীয়ন কৰাত সুবিধা হ’লহেঁতেন।

পঞ্জাৱত ২০২২-২৩ বৰ্ষত অধিসূচনা কৰা ১৮০০টা ক্ৰয় কেন্দ্ৰৰ তুলনাত বৰ্তমান ৰাজ্যখনত ১৯৭টা সক্ৰিয় পিপিচি আছে। ইয়াৰ পৰাই এইটো বুজা যায় যে কিয় বৰ্তমানৰ কে এম এছৰ বাবে পঞ্জাবত ১৮২ লাখ মেট্ৰিক টন—ৰাজ্যিক সংস্থাসমূহে ১৮০ আৰু এফ চি আইৰ দ্বাৰা প্ৰায় ২ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰে সৰ্বাধিক ধান ক্ৰয় কৰিছে।

বানপানীৰ একাধিক ঢলত অসমৰ কৃষকসকলৰ শস্য ক্ষতিগ্ৰস্ত হয়, আনহাতে বানপানীৰ সময়ত কৃষিভূমিত বালি জমা হোৱাৰ বাবে বহু অঞ্চলৰ কৃষিভূমি ধান খেতিৰ বাবে অনুপযোগী হৈ পৰে। কৃষিভূমিৰ খহনীয়া হৈছে কৃষিৰ বহনক্ষমতাক বিৰূপ প্ৰভাৱ পেলোৱা আন এক প্ৰাকৃতিক দুৰ্যোগ।

এম এছ পিয়ে দুৰ্দশাগ্ৰস্ত এনে কৃষকৰ বাবে সংকট মোচক হিচাপে কাম কৰিব পাৰে আৰু বাৰ্ষিক পুনৰাবৃত্তিমূলক আৰু বিধ্বংসী বানপানী আৰু খহনীয়াৰ বিৰুদ্ধে স্থিতিস্থাপকতা গঢ়ি তুলিব পাৰে। অধিক পৰিমাণৰ ধান ক্ৰয়ে অৰ্থনৈতিক কাৰ্যকলাপৰ শৃংখলাক উৎসাহিত কৰে আৰু পৰিবহণ খণ্ডত বিকল্প জীৱিকাৰ সুযোগ সৃষ্টি কৰে কাৰণ ই কেৰেজ ভ্যান, ট্ৰাক, গুনি বস্তা ক্ৰয় আৰু যোগান, ধান মিলিং, পেকেজিঙৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰে।

ৰাজ্য চৰকাৰে মধ্যভোগীক সুবিধা দিয়াৰ পৰিৱৰ্তে সময়মতে ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে ৰাজ্যৰ কৃষক সকল উপকৃত হ’লহেঁতেন। কিন্তু এতিয়ালৈকে ধান ক্ৰয়ৰ অধিসূচনা জাৰি নকৰাৰ ফলত অসমৰ কৃষক যে এমএছপিৰ পৰা বঞ্চিত হ’ব সেইটো নিশ্চিত। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd