NORTHEAST NOW (Assamese)

শ্ৰীমন্ত শংকৰ সংঘলৈ ১০ কোটি টকা, ৩০০ বিঘা ভূমি আগবঢ়াব ৰাজ্য চৰকাৰে; গোলাঘাট অধিবেশনত মুখ্য মন্ত্ৰী সোণোৱালৰ ঘোষণা

February 6, 2020 7:33 pm · এন ই নাও নিউজ
মুখ্য মন্ত্ৰী সোণোৱাল

আজি গোলাঘাট জিলাৰ কমাৰ গাঁও দিহিঙ্গীয়া মহুৰা পথাৰৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনত ভাষণ প্ৰদান কৰি ৰাজ্যপাল জগদীশ মুখীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসম তথা ভাৰতবৰ্ষকে নহয় সমগ্ৰ বিশ্বতে প্ৰেম, শান্তি, জ্ঞান আৰু ভক্তি মাৰ্গ দৰ্শন প্ৰদান কৰিছিল বুলি কয়।

মহাপুৰুষ শংকৰদেৱে সমন্বয়ৰ আদৰ্শৰে আগবঢ়াৰ বাবে আমাক আদৰ্শ দেখুৱাই গৈছে বুলিও কয়।

আনহাতে, অনুষ্ঠানতে ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন, সাংস্কৃতিক আৰু আধ্যাত্মিক বাণী দেশ তথা বিদেশত প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে বুলিও উল্লেখ কৰে।

গুৰুজনাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক দিশ সমূহ যাতে আৰু অধিক আগুৱাই নিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্পাচ ফাণ্ডলৈ ১০ কোটি টকা আগবঢ়াব বুলি ঘোষণা কৰে।

সোণোৱালে কয়, এই ১০ কোটি টকাৰ বিনিময়ত প্ৰতিবছৰে লাভ কৰিবলগীয়া ৮০ লাখ টকাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষ গৰাকীৰ সৃষ্টিৰাজিক আৰু অধিক আগুৱাই নিয়াৰ বাবে প্ৰয়াস চলাব পাৰিব।

গুৰুজনাৰ নামত প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয়খনক যাতে এখন বিশ্ব মানৰ বিশ্ববিদ্যালয় হিচাপে গঢ় দিব পৰা যায় তাৰ বাবে ৰাজ্য চৰকাৰে ৩০০ বিঘাতকৈও অধিক ভূমি আগবঢ়াব বুলিও সোণোৱালে প্ৰতিশ্ৰুতি দিয়ে।

তদুপৰি, মহাপুৰুষজনাৰ আবিৰ্ভাব মহোৎসৱ প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে উদযাপন কৰিবলৈও ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ভাষণত সোণোৱালে উল্লেখ কৰে।

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শেৰে অসমীয়া জাতি গঠন, মূল্যবোধৰ ভেটি স্থাপন, উঠি অহা চামক ইতিবাচক চেতনাৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত শংকৰ সংঘই পথ দেখুৱাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে উঠি অহা প্ৰজন্মই যাতে একো-একোগৰাকী সফল ব্যক্তি হিচাপে পৰিগণিত হ’ব পাৰে তাৰ বাবেও সংঘই প্ৰয়াস চলাই আহিছে।

সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, মুখ্য উপদেষ্টা ভৱেন্দ্ৰ নাথ ডেকা, সম্পাদক বাবুল বৰাকে ধৰি ভকত বৈষ্ণৱ সকল উপস্থিত থাকে।

Related News