মদেৰে ৰাজ্য চলাব অসম চৰকাৰে

অধিক কৰ সংগ্ৰহৰ বাবে এই সিদ্ধান্ত লৈছে অসম চৰকাৰে। এই ৭০০ খন সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰৰ বাবে লাভ কৰা অনুদানতেই অসম চৰকাৰে লাভ কৰিব ৫০ কোটিতকৈও অধিক টকা। নতুনকৈ হ’বলগীয়া এই ৭০০ খন বিপনীৰ পৰা চৰকাৰে লাভ কৰিব বছৰি ৩ হাজাৰ কোটি টকা।

দেউলীয়া অসম চৰকাৰে ৰাজ্য চলাব নোৱাৰি লক্ষ্য স্থিৰ কৰি লৈছে সুৰাৰ বিপনী খোলাৰ। অৰ্থনৈতিক বিকাশ আৰু আন্তঃগাঁথনি নিৰ্মাণেৰে অসমক দেশৰ ভিতৰতে প্ৰথম কৰিব নোৱাৰিলেও যেন সুৰাৰ দোকানেৰে দেশৰ ভিতৰত অসমৰ স্থান প্ৰথম কৰিবলৈ উলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।

ৰাজকোষ টনকিয়াল কৰাৰ বাবে এইবাৰ ৰাজ্যত নতুনকৈ ৭০০ খন সুৰাৰ বিপনী খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। নতুনকৈ প্ৰদান কৰা হ’ব ৭০০ খনকৈ সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ।

অধিক কৰ সংগ্ৰহৰ বাবে এই সিদ্ধান্ত লৈছে অসম চৰকাৰে। এই ৭০০ খন সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰৰ বাবে লাভ কৰা অনুদানতেই অসম চৰকাৰে লাভ কৰিব ৫০ কোটিতকৈও অধিক টকা। নতুনকৈ হ’বলগীয়া এই ৭০০ খন বিপনীৰ পৰা চৰকাৰে লাভ কৰিব বছৰি ৩ হাজাৰ কোটি টকা।

এই ৭০০ খন সুৰাৰ বিপনীৰ ভিতৰত ৪৭ খন বিপনী খোলা হ’ব গুৱাহাটী মহানগৰীত। ইতিমধ্যে ২০০ তকৈও অধিক বাৰ-ৱাইনশ্বপ আছে গুৱাহাটী মহানগৰীত।

চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত। বহুতে ক’ব খুজিছে যে ৰাজ্যৰ অৰ্থনীতি উন্নীত কৰিব নোৱাৰা চৰকাৰে চুবুৰীয়ে চুবুৰীয়ে মদৰ দোকান খুলি দি নিঃশেষ কৰিব খুজিছে নতুন প্ৰজন্মক।