বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ একাডেমিক সভাৰ পৰা হাগ্ৰামা, প্ৰমিলাৰাণীকে ধৰি ২ বিধায়কক বহিস্কাৰ ৰাজ্যপাল জগদীশ মুখীৰ

IMG-20180905-WA0051

বড়োলেণ্ড বিশ্ববিদ্যালয়ক লৈ সময়ে সময়ে বিভিন্ন বিতৰ্কৰ সৃষ্টি হোৱাৰ মাজতে আজি বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিভিন্ন বিষয়ক লৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সতে এক বৈঠকত মিলিত হয়। মুলতঃ শৈক্ষিক আৰু আন বিভিন্ন বিষয়ক লৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে ৰাজ্যপালগৰাকীয়ে এটা আলোচনাত অংশগ্ৰহণ কৰি বিশ্ববিদ্যালয়খনৰ সমস্যাসমুহৰ বিষয়ে বুজ লয় আৰু বিশ্ববিদ্যালয়খনৰ উন্নতিৰ বাবে সকলোকে মনপুতি নিজ নিজ দায়িত্ব কৰ্তব্য পালনৰ আহ্বান জনায়।

ৰাজ্যপালগৰাকীয়ে আৰু কয় যে শিক্ষাদানৰ ক্ষেত্ৰত শিক্ষা প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি হেঙাৰ হ’ব নোৱাৰে। তেখেতে সকলো শিক্ষককে মনোযোগেৰে শিক্ষাদানত ব্ৰতী হবলৈ অনুৰোধ কৰে।

ইপিনে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে আজি বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু ৰাজ্যপালগৰাকীৰ মতভেদৰ সৃষ্টি হয়। বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আলোচনাত হাগ্ৰামা মহিলাৰীক অংশগ্ৰহণ কৰিব নিদিয়াত ক্ষুব্ধ হৈ হাগ্ৰামা মহিলাৰীয়ে বিশ্ববিদ্যালয় চৌহদ ত্যাগ কৰে। তেওঁক বাদ দি আলোচনা কৰাত ক্ষুব্ধ হৈ মহিলাৰীয়ে কয় যে বিটিচি চুক্তি অনুসৰিহে বড়োলেণ্ড বিশ্ববিদ্যালয় স্থাপন হৈছিল।

প্ৰাপ্ত বাতৰি অনুসৰি সভাত হাগ্ৰামা মহিলাৰী, মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, বিধায়ক ক্ৰমে কমলসিং নাৰ্জাৰী আৰু ৰবিৰাম নাৰ্জাৰীয়ে প্ৰৱেশ কৰাত ৰাজ্যপাল জগদীশ মুখী ক্ষুণ্ণ হৈ পৰে আৰু আপোনালোকৰ ইয়াত কাম কি বুলি প্ৰশ্ন কৰে।  মহিলাৰীয়ে বিটিচি চৰকাৰক বাদ দি এয়া কেনেধৰণৰ আলোচনা হব বুলি প্ৰশ্ন কৰাত ৰাজ্যপালে এইখন একাডেমিক সভা আৰু তেওঁ বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপেহে ইয়ালৈ আহিছে বুলি উল্লেখ কৰি প্ৰয়োজন হ’লে পিছত বিটিচিৰ সতে সুকীয়াকৈ আলোচনাৰ প্ৰস্তাৱ দিয়ে। ৰাজ্যপালৰ বক্তব্যত কাৰ্যতঃ হাগ্ৰামা মহিলাৰী ক্ষুব্ধ হৈ উঠে আৰু নিজৰ অসন্তুষ্টিৰ কথা ৰাজ্যপালক অৱগত কৰি সভাথলীৰ পৰাই ক্ষোভেৰে প্ৰস্থান কৰে।

উল্লেখ্য যে আজি ৰাজ্যপালৰ সৈতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা সভাত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ ভৰালী , ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্ৰহ্লাদ বসুমতাৰীকে ধৰি বিশ্ববিদ্যালয়ৰ বহু সংখ্যক বিষয়াও উপস্থিত থাকে।