অসমত ওলাইছে ১.৪ মিলিয়ন ভুৱা শিশু, মহিলা: কেন্দ্ৰীয় মন্ত্ৰী মানেকা

Cabinet Minister maneka gandhi

আপুনি ঠিকেই পঢ়িছে, অসমত ওলাইছে ১.৪ মিলিয়ন ভুৱা শিশু, মহিলা! বাস্তৱত নথকা এই বৃহৎ সংখ্যক শিশু-মহিলাই অসমৰ অংগনৱাড়ী কেন্দ্ৰত প্ৰতিদিনে ভক্ষণ কৰে ১ কোটি ১২ লাখ টকাৰ খাদ্য!

ৰাজ্যৰ সমাজ কল্যাণ বিভাগে পৰিচালনা কৰা অংগনৱাড়ী কেন্দ্ৰত ৬ বছৰৰ তলৰ শিশু, গৰ্ভৱতী আৰু গাখীৰ খুৱাই থকা মহিলাক খুওৱা আহাৰৰ ক্ষেত্ৰত হোৱা এই ভয়ংকৰ লুন্ঠন চৰকাৰী সমীক্ষাত প্ৰকাশ পোৱাৰ কথা নতুন দিল্লীত ঘোষণা কৰিছে কেন্দ্ৰীয় নাৰী আৰু শিশু বিকাশ মন্ত্ৰী মানেকা গান্ধীয়ে।

‘অসমত আমি ১৪ লাখ ভুৱা শিশু বা হিতাধিকাৰী পাইছো। পূৰ্বতে চলোৱা এক সমীক্ষাত ৰাজ্যখনত ৩ লাখ ভুৱা শিশু পোৱা গৈছিল,’ যোৱা বৃহস্পতিবাৰে এক বিভাগীয় সভাত ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।

দেশৰ অগণন দুখীয়া পৰিয়ালৰ শিশু আৰু গৰ্ভৱতী মহিলাৰ অপুষ্টি গুচোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা, ইউনিছেফ (UNICEF)ৰ দ্বাৰা উচ্চ প্ৰশংসিত এই খাদ্য যোগান আঁচনিখনত প্ৰতিগৰাকী হিতাধিকাৰীৰ খাদ্যৰ বাবদ দৈনিক ৮ টকাকৈ ব্যয় কৰা হয়। সেই হিচাপত দেশৰ আন ৰাজ্যৰ কথা বাদেই, কেৱল অসমতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ৬০:৪০ অনুদানত পৰিচালিত এই আঁচনিত ১৪ লাখ ভুৱা হিতাধিকাৰীৰ বাবদ প্ৰতিদিনে লুন্ঠন হৈ আছে ১ কোটি ১২ লাখকৈ টকা!

‘আপুনি প্ৰতিজন হিতাধিকাৰীৰ বাবদ ৮ টকাকৈ ধৰে, তেন্তে সেই হিচাপে বহু কোটি টকাৰ ইতিমধ্যেই হৰলুকি ঘটিছে,’ দাবী মানেকা গান্ধীৰ।

পুষ্টিহীনতাত ভাৰাক্ৰান্ত দেশৰ বহুকেইখন জিলাৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া, ৰাজ্য চৰকাৰৰ প্ৰতিনিধি আৰু জিলা উপায়ুক্তৰ সৈতে হোৱা সভাখনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ দৰে আন ৰাজ্যসমূহতো হিতাধিকাৰীৰ সত্যাসত্যতা নিৰূপণৰ বাবে তদন্ত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।

‘ইমানখিনি ধন (ভুৱা হিতাধিকাৰীৰ নামত সৰকোৱা) ভাল খাদ্যৰ বাবে খৰচ কৰিব পৰা গ’লহেঁতেন। আচলতে কিমান শিশুক খাদ্য যোগানৰ প্ৰয়োজন আপোনালোকে বিচাৰি উলিয়াওক,’ বিষয়াসকলক আহ্বান মন্ত্ৰীগৰাকীৰ।

‘পুষ্টি মাহ’ হিচাপে অহা ছেপ্তেম্বৰ মাহটো উদযাপন কৰিবলৈ লোৱাৰ প্ৰস্তুতি হিচাপে আয়োজিত এই সভাখনত দেশৰ অংগনৱাড়ী কৰ্মীসকলৰ ভূমিকা ‘নিয়াৰি’ কৰাৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।

আনহাতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছতে বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। গগৈ চৰকাৰৰ দিনৰ পৰাই বিষয়টোৰ চিবিআই তদন্ত দাবী কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

‘মানেকা গান্ধীয়ে নিজেই কেলেংকাৰিৰ কথা স্বীকাৰ কৰিছে যেতিয়া চিবিআই তদন্ত হ’ব লাগে। মোৰ দিনটো যদি কেলেংকাৰি হৈছিল, তেন্তে তদন্ত কৰক। মোৰ কোনো আপত্তি নাই,’ শুকুৰবাৰে এক সংবাদমেলযোগে মন্তব্য গগৈৰ।

প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে কুখ্যাত জৰুৰীকালীন অৱস্থাত ১৯৭৫ চনত আৰম্ভ কৰা সংহত শিশু উন্নয়ন আঁচনি (Integrated Child Development Scheme)ৰ অধীনত পৰিচালিত হৈ আহিছে এই খাদ্য যোগান অভিযান।

প্ৰাক্তন প্ৰধান মন্ত্ৰী মোৰাৰ্জী দেশাইৰ দিনত বন্ধ কৰি দিয়া এই আঁচনিখন অটল বিহাৰী বাজপেয়ীৰ কাৰ্য্যকালত ১০ম পঞ্চবাৰ্ষিক পৰিকল্পনাত পুনৰ আৰম্ভ কৰা হৈছিল।