• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিগত ২৩ বছৰত ২৩ লাখ হেক্টৰ বন ধ্বংস হৈছে ভাৰতত : দেশৰ ভিতৰত আটাইতকৈ বেছি বনাঞ্চল ধ্বংস হৈছে অসমত

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 24, 2024 6:39 pm
1.8k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ বা এন জি টিয়ে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ভাৰতৰ জৰীপ আৰু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডক ভাৰতত হোৱা বন ধ্বংস সম্পৰ্কে প্ৰশ্ন কৰিছে।

উল্লেখ্য যে শেহতীয়াকৈ ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত ‘গ্ল’বেল ফৰেষ্ট ৱাচ’ৰ তথ্যৰ আধাৰত এটা বাতৰি প্ৰকাশ পাইছিল। এই খবৰৰ ভিত্তিত স্বতঃস্ফূৰ্তভাৱে এই বিষয়ত সেউজ ন্যায়াধিকৰণে ব্যৱস্থা গ্ৰহণ কৰিছে।

গ্ল’বেল ফৰেষ্ট ৱাচে কৃত্ৰিম উপগ্ৰহৰ তথ্য আৰু অন্যান্য উৎস ব্যৱহাৰ কৰি বনাঞ্চলৰ আৱৰণৰ পৰিৱৰ্তন নিৰীক্ষণ কৰে।

গ্ল’বেল ফৰেষ্ট ৱাচে দিয়া তথ্য অনুসৰি ২০০০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ভাৰতে ২৩.৩ লাখ হেক্টৰ সেউজভূমি হেৰুৱাইছে। যাৰ পৰিমাণ হৈছে ভাৰতৰ মুঠ সেউজভূমিৰ ৬ শতাংশ।

একে সময়তে দেশৰ ৪.১৪ লাখ হেক্টৰ আৰ্দ্ৰ প্ৰাথমিক বনাঞ্চল হেৰুৱাইছে।

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি দুটা কাৰণত সেউজীয়া আৱৰণ হ্ৰাস পাইছে – মানৱসৃষ্ট আৰু প্ৰাকৃতিক। গছ কটাৰ বাবে বনজুই আৰু ধুমুহাৰ পৰিমাণ কমিছে।

উল্লেখ্য যে ২০০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ধ্বংস হোৱা বনাঞ্চলৰ ৬০ % বনাঞ্চল ধ্বংস হৈছে ৫ খন ৰাজ্যত।

উল্লেখ্য যে এই পাঁচোখনেই উত্তৰ-পূব ভাৰতৰ ৰাজ্য। দেশৰ ভিতৰত সৰ্বাধিক বনাঞ্চল ধ্বংস কৰা হৈছে অসমত।

অসমত যোৱা ২২ বছৰত ৩ লাখ ২৪ হাজাৰ হেক্টৰ বনাঞ্চল ধ্বংস হৈছে।

ইয়াৰ পিছতে মিজোৰাম (৩ লাখ ১২ হাজাৰ হেক্টৰ), অৰুণাচল প্ৰদেশ (২ লাখ ৬২ হাজাৰ হেক্টৰ), নাগালেণ্ড (২ লাখ ৫৯ হাজাৰ হেক্টৰ) আৰু মণিপুৰ (২ লাখ ৪০ হাজাৰ হেক্টৰ)ত বন ধ্বংস হৈছে।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে কয় যে এই বৃহৎ সেউজীয়া ক্ষতিৰ ফলত বন সংৰক্ষণ আইন, ১৯৮০, বায়ু (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন আৰু পৰিৱেশ সুৰক্ষা আইনৰ স্পষ্ট উলংঘাৰ ইংগিত পোৱা গৈছে। সেয়েহে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ভাৰতৰ জৰীপ আৰু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডলৈ জাননী প্ৰেৰণ কৰিছে। 

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd