মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

minister piyush at margherita

মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত আজি ১১ আগষ্টত আহি উপস্থিত হয় অসম চৰকাৰৰ স্বাস্থ্য ও পৰিয়াল কল্যাণ আৰু নগৰ উন্নয়নৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী পীযুষ হাজৰিকা।

চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসালয়খনৰ উন্নয়ন অনতিপলমে কৰাৰ ব্যৱস্থা কৰিব বুলিও চিকিৎসালয় কৰ্ত্তৃপক্ষক অৱগত কৰে। প্ৰায় এক লাখ সত্তৰ হাজাৰোধিক জনসংখ্যা থকা মাৰ্ঘেৰিটা সমষ্টিটোৰ বাবে ৮৫ খন বিছনাৰ পৰা ২০০ খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰা হ’ব বুলি চিকিৎসালয়খনতে আয়োজিত এখন সভাত ব্যক্ত কৰে মন্ত্ৰী জনে।

মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়খন যদিও মহকুমা পৰ্যায়ৰ চিকিৎসালয় তথাপিও মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সৈতে আলোচনা কৰি প্ৰয়োজন অনুপাতে ডাক্তৰ, নাৰ্ছ দিয়াৰ বাবে স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰা হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে। উক্ত সভাতেই মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ কে চি দাসে চিকিৎসালয়খনৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীৰ আগত অৱগত কৰে।

দীৰ্ঘদিনৰ পৰা ৰোগীৰ অনুপাতে চিকিৎসকৰ অভাৱ হোৱা বুলি সদৰী কৰি চিকিৎসালয়খন যিহেতু অসম-অৰুণাচলৰ সীমামূৰীয়া এখন চিকিৎসালয় হোৱা হেতুকে যথেষ্ঠ ৰোগীৰ ভিৰ হয় বুলিও মন্ত্ৰীগৰাকীৰ আগত অৱগত কৰে। জৰুৰীকালীন সেৱাৰ বাবে বিশেষ সুবিধা নথকাৰ কথা উল্লেখ কৰি প্ৰয়োজন অনুসৰি ডাক্তৰৰ নিযুক্তি দিবৰ বাবে আবেদন জনায় অধ্যক্ষ গৰাকীয়ে।

চিকিৎসালয়খনৰ একাংশ চিকিৎসকে ৰোগীৰ পৰা চিকিৎসাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ দীৰ্ঘদিনধৰি উত্থাপন হৈ আহিছে এই সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয় যে চিকিৎসকৰ বিৰুদ্ধে তথ্য পালে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি অৱগত কৰে। অস্বাস্থ্যকৰ পৰিৱেশত চলা হোটেলবিলাকৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা নৈশ বাছ সমূহে যাত্ৰীৰ আহাৰৰ বাবে যিবোৰ খাদ্য হোটেলত ৰাখে সেইসমূহ হোটেল চাফ-চিকুণৰ ব্যৱস্থা কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে।

অৱশ্যে মন্ত্ৰীগৰাকীৰ আজিৰ এই চিকিৎসালয় পৰিদৰ্শনৰ সময়ছোৱাত জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনা অসমত অবাধ গতিত চলা ফৰ্মেলিনযুক্ত অন্ধ্ৰপ্ৰদেশৰ চালানী মাছৰ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ নকৰিলে।

আজিৰ এই ভ্ৰমণৰ সময়ত তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষান, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, তিনিচুকীয়াৰ উপায়ুক্ত ঐনাম চৰণ কুমাৰ সিং, স্বাস্থ্য সঞ্চালক অনুৰাগ গোৱেল, যুটীয়া স্বাস্থ্য সঞ্চালক আদিয়েও মাৰ্ঘেৰিটা পৰিভ্ৰমণ কৰে।