অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান সম্পন্ন

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা।

এই ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। উল্লেখ্য কাইলৈৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা। কিন্তু ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে পৰীক্ষা অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে।

আজি কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে।

কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানৰ আজি অন্তিমটো দিন। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত সামৰণি অনুষ্ঠানৰ অন্তিমটো দিনতো বৰ্ণিল কাৰ্যসূচীৰে স্বৰ্ণিল হৈ উঠে মহাবিদ্যালয়খনৰ চৌহদ। অন্তিম দিনাৰ কাৰ্যসূচী হিচাপে অনুষ্ঠিত হয় লোক কৃষ্টি সমাৰোহ আৰু মুকলি সভা।

ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে মুকলি সভাত।

অৰণ্য মানৱ যাদৱ পায়েঙৰ প্ৰসংগ উল্লেখ কৰি বৰ্তমানৰ পৃথিৱীখনে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি পৰিৱেশ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ অপৰিসীম দায়িত্ব আছে বুলি কয় শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে।

ইয়াৰ উপৰি মহাবিদ্যালয়সমূহক নিজাববীয়াকৈ স্বায়ত্বশাসিত মহাবিদ্যালয়ৰ পৰ্যায়লৈকে লৈ যাবৰ বাবে চেষ্টা কৰিবলৈও আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

আনহাতে সৰ্বভাৰতীয় পৰ্যায়ত বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰে মন্ত্ৰীগৰাকীয়ে। আগন্তুক বৰ্ষৰ পৰা এই ক্ষেত্ৰত বিভাগীয় নীতি-নিৰ্দেশনা জাৰি কৰা হ’ব বুলি কয় শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।