ঘোষণা কৰা হ’ল অসম উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি ঘোষণা কৰা পৰীক্ষাৰ ফলাফল অনুসৰি কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮৯.১৮ শতাংশ, বিজ্ঞান শাখাত ৮৯.৮৮ শতাংশ আৰু বাণিজ্য শাখাত ৮৭.৮০ শতাংশ। এইবাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত নাই কোনো স্থানপ্ৰাপ্তৰ ব্যৱস্থা।
ফলাফল অনুসৰি কলা শাখাত মুঠ ৪০, ৪৯৯গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬৫,৫৩২গৰাকী শিক্ষাৰ্থী। তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৭২,৭৭৫গৰাকী শিক্ষাৰ্থী। এইবাৰৰ কলা শাখাত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ২,০০,৪৯৫গৰাকী ছাত্ৰ-ছাত্ৰী।
বিজ্ঞান শাখাত মুঠ ২৩,৫৫২গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১৭,৩৩৯গৰাকী শিক্ষাৰ্থী। সেইদৰে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৮০৬২গৰাকী শিক্ষাৰ্থী। এইবাৰ বিজ্ঞান শাখাত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৫৪,৪৬০ গৰাকী ছাত্ৰ-ছাত্ৰী।
আনহাতে, বাণিজ্য শাখাত মুঠ ৫,৯১৫গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। দ্বিতীয় বিভাগত ৬,০৮৭গৰাকী শিক্ষাৰ্থী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৩,১৯৪গৰাকী শিক্ষাৰ্থী। এইবাৰ বাণিজ্য শাখাত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ১৭,৩০৭গৰাকী ছাত্ৰ-ছাত্ৰী।
উল্লেখ্য যে এইবাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল পূৰ্বৰ তুলনাত বহু উন্নত দেখা গৈছে। যোৱা ২০২৩ বৰ্ষত কলা শাখাত ৭০.১২ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছিল। এইবাৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮৯.১৮ শতাংশ। যোৱা বৰ্ষত বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছিল ৮৪.৯৬ শতাংশ ছাত্ৰ-ছাত্ৰী। এইবাৰ বিজ্ঞান শাখাত ৮৯.৮৮ শতাংশ। সেইদৰে, ২০২৩ বৰ্ষত বাণিজ্য শাখাত উত্তীৰ্ণ হৈছিল ৭৯.৫৭ শতাংশ ছাত্ৰ-ছাত্ৰী। এইবাৰ বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮৭.৮০ শতাংশ।
শিক্ষাৰ্থীসকলে তলত দিয়া ৱেবছাইটসমূহত তেওঁলোকৰ সৱিশেষ ফলাফল চাব পাৰিব। ৱেবছাইকেইটা হ’লঃ-
https://ahsec.gov.in , https://www.results.shiksha , https://iresults.net , https://www.indiaresults.com , https://iresults.in , https://www.fastresult.in , https://assamjobalerts.com , https://www.assamresult.in