NORTHEAST NOW (Assamese)

অক্টোবৰৰ ১ তাৰিখৰ পৰা ৰাজ্যত আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ বিশেষ পৰীক্ষা

September 18, 2021 11:16 am · নৰ্থ ইষ্ট নাও
Updated: September 18, 2021 11:45 am

ৰাজ্যত ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব দ্বাদশ শ্ৰেণীৰ বিশেষ পৰীক্ষা। শুকুৰবাৰে এই কথা সদৰী কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ-এ।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ-এ জাৰি কৰা এক বিবৃতিত উল্লেখ কৰে যে, ৰাজ্যত ১ অক্টোবৰৰ পৰা ১১ নৱেম্বৰলৈ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ এক বিশেষ পৰীক্ষা অনুষ্ঠিত হ’ব।

পৰীক্ষা আৰম্ভ হোৱাৰ ১৫ মিনিট আগতীয়াকৈ প্ৰশ্ন কাকত বিতৰণ কৰা হ’ব বুলি বিবৃতিটোত জানিবলৈ দিয়া হৈছে।

স্মৰ্তব্য যে ,ক’ভিদ মহামাৰীৰ দোহাই দি ৰাজ্য চৰকাৰে এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা বাতিল কৰিছিল।

Latest News: ৰাজ্যৰ লগতে বোকাখাত মহকুমাতো ক’ভিডৰ প্ৰতিষেধক প্ৰদানৰ ব্যাপক অভিযান

যোৱা ৩১ জুলাই তাৰিখে বিকল্প মূল্যাংকন পদ্ধতিৰে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হৈছিল। এই ফলাফলত সন্তুষ্ট নোহোৱা ছাত্ৰ-ছাত্ৰীসকলে এই বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।

ৰাজ্য চৰকাৰে সম্পূৰ্ণ ক’ভিদ নীতি মানি চলি এই বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

ইতিমধ্যে যোৱা বুধবাৰে ছেবা- ইও ১ অক্টোবৰৰ পৰা ৰাজ্যত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ বিশেষ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি বিবৃতি জাৰি কৰিছিল।

Related News