NORTHEAST NOW (Assamese)

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; উত্তীৰ্ণৰ হাৰ ৭৫.৭ শতাংশ, শীৰ্ষ ৩ টা স্থানত কোন ৫ গৰাকী শিক্ষাৰ্থী?

April 20, 2024 11:09 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

আজি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) ঘোষণা কৰিলে ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। সেই অনুসৰি, পূৰ্বৰ ১০টা শীৰ্ষস্থানৰ পৰিৱৰ্তে মাত্ৰ ৩টা স্থানহে ঘোষণা কৰা হৈছে। শীৰ্ষ তিনিটা স্থানত এইবাৰ পাঁচজনকৈ শিক্ষাৰ্থী আছে।

২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বাধিক ৫৯৩ নম্বৰ লাভেৰে প্ৰথম স্থান দখল কৰিছে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অনুৰাগ দলৈয়ে। ৫৯০ নম্বৰ লাভেৰে দ্বিতীয় স্থান লাভ কৰিছে বিশ্বনাথৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ঝৰ্ণা শইকীয়াই।

ইপিনে, ৫৮৮ নম্বৰ লাভেৰে তৃতীয় স্থান দখল কৰিছে তিনিজনকৈ শিক্ষাৰ্থীয়ে। তেওঁলোক হ’ল ক্ৰমে মাজুলীৰ কমলাবাৰীৰ আইলেণ্ড একাডেমীৰ মানস প্ৰতিম শইকীয়া, বৰপেটাৰ সৰুপেটাৰ ষ্টেলা মেৰিজ স্কুলৰ বেদান্ত চৌধুৰী আৰু নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দেৱশ্ৰী কাশ্যপ।

ফলাফল অনুসৰি, এইবাৰ ৯১.২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে চিৰাং জিলাই দখল কৰিছে শীৰ্ষ স্থান। ৮৮.১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত নলবাৰী জিলা। সেইদৰে, ৮৬.৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত আছে বাক্সা জিলা।

এইবাৰৰ ফলাফল অনুসৰি মুঠ ৭৫.৭ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ইয়াৰ ভিতৰত ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩ শতাংশ আৰু ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৪ শতাংশ। আনহাতে, তৃতীয় লিংগৰ উত্তীৰ্ণৰ হাৰ ৮০ শতাংশ।

সেইদৰে, এইবাৰ ডিষ্টিংচন পোৱা শিক্ষাৰ্থীৰ সংখ্যা ৬,৩৯২ গৰাকী, ষ্টাৰ নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থীৰ সংখ্যা ২০,৫৫২ গৰাকী, প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা ১,০৫,৮৭৩ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা ১,৫০,৭৬৪ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা ৬০,৬৮০ গৰাকী।

মুঠ লেটাৰ মাৰ্ক পোৱা শিক্ষাৰ্থীৰ সংখ্যা হৈছে ১,৯৩,১৫৯ গৰাকী। সমাজ বিজ্ঞান বিষয়ত ৩৬,৯৭৩ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে সৰ্বোচ্চ নম্বৰ।

Related News