উত্তীৰ্ণৰ হাৰত ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থানত শিৱসাগৰ জিলা, দুগৰাকীৰ স্থান লাভ

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্বৰ অভিলেখ ভংগ কৰি উত্তীৰ্ণ হাৰত অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় শিৱসাগৰ জিলাই। জিলাখনত উত্তীৰ্ণ হাৰ ৭০.২০ শতাংশ। আনহাতে দুগৰাকীকৈ ছাত্ৰীয়ে শীৰ্ষৰ ১০টা স্থানৰ ভিতৰত নিজৰ নাম সন্নিৱিষ্ট কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে।

গৌৰীসাগৰ পুখুৰী পাৰত অৱস্থিত শংকৰদেৱ বিদ্যা মন্দিৰৰ ছাত্ৰী দেবাশ্ৰী শইকীয়াই ৫৮৬ নম্বৰৰে ৰাজ্যখনৰ ভিতৰত অষ্টম স্থান দখল কৰাৰ লগতে মৰাণৰ চেন্ট জোচেফ হাইস্কুলৰ ছাত্ৰী অৰ্চিতা দুৱাৰাই ৫৮৫ নম্বৰৰে লাভ কৰে নৱম স্থান।

আনহাতে অসমৰ দ্বিতীয়খন শিক্ষানুষ্ঠান শিৱসাগৰ চৰকাৰী উঃ মাঃ বহুমূখী বিদ্যালয়ৰ ফলাফলৰ হাৰ ১০০%। বিদ্যালয়খনৰ ৭ গৰাকীয়ে ডিষ্টিংচন আৰু ৮ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে। প্ৰথম বিভাগত ৪৪ গৰাকী, দ্বিতীয় বিভাগত ২৬ গৰাকী আৰু তৃতীয় বিভাগত ২ গৰাকী উত্তীৰ্ণ হয়৷

বানমুখ উঃ মাঃ বিদ্যালয়ৰ ২৬ গৰাকী প্ৰথম বিভাগত, ৩০ গৰাকী দ্বিতীয় আৰু ৪ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। ২জনে ডিষ্টিংচন লাভ কৰাৰ বিপৰীতে ৪ জনে ষ্টাৰ নম্বৰ লাভ কৰে।

শিৱসাগৰ চহৰৰ আদৰ্শ শিশু ভৱনৰ ১৭ গৰাকী প্ৰথম বিভাগত, ১১ গৰাকী দ্বিতীয় আৰু ৩ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। ইয়াৰে ৪জনে ডিষ্টিংচন আৰু ৪জনে ষ্টাৰ নম্বৰ লাভ কৰে। বিদ্যালয়খনৰ পৰা দিচাংমুখ অঞ্চলৰ অতি দৰিদ্ৰ ছাত্ৰ সাগৰ দাসে ৮৭ শতাংশ নম্বৰ লাভ কৰি দিচাংমুখ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে।

ইপিনে শিৱসাগৰৰ বেচৰকাৰীখণ্ডৰ আগশাৰীৰ বিদ্যালয় নিউলুক একেডেমিৰ ফলাফল বাস্তৱিকতে ঈৰ্ষণীয়। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা বিদ্যালয়খনৰ ১০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ৪ গৰাকীয়ে ডিষ্টিংচন আৰু ৬ গৰাকী ষ্টাৰ নম্বৰলৈ উত্তীৰ্ণ হয়।