৭ জুনৰ ভিতৰত ঘোষিত হ’ব ছেবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

Himanta Biswa Sarma

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

ছেবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অহা ৭ জুনৰ ভিতৰত ঘোষিত হ’ব৷

শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ কহঁৰাত শনিবাৰে এক সংবাদমেলত এই কথা জনায়।

আনহাতে শেহতীয়াকৈ অসমত ক’ভিড-১৯ পজিটিভ অধিক হাৰত চিনাক্ত হোৱাক লৈয়ো স্বাস্থ্য মন্ত্ৰী শৰ্মাই কিছু কথা সদৰী কৰে।

তেওঁ কয় যে ২৯ মে’ৰ দিনা অসমত প্ৰথমবাৰৰ বাবে আঠ হাজাৰৰো অধিক লোকৰ ক’ভিড-১৯ৰ পৰীক্ষা কৰা হৈছে৷ সেয়েহে ৰাজ্যত ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে৷

অহা তিনিদিনত কভিড-১৯ৰ পৰীক্ষা কৰা লোকৰ সংখ্যা দহ হাজাৰতকৈ অধিক কৰাৰ বাবে ব্যৱস্থা লোৱা হ’ব বুলিও জনায় স্বাস্থ্য মন্ত্ৰী শৰ্মাই৷

গ্ৰামাঞ্চলত হোম কোৱাৰেণ্টাইন ব্যৱস্থা যাতে শিথিল নহয় তাৰ বাবে চকু ৰাখিবৰ বাবে স্থানীয় লোকক মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়৷

মন্ত্ৰীগৰাকীৰ মতে কোৱাৰেণ্টাইনৰ পৰা যাতে কোনো লোক পলায়ন কৰিব নোৱাৰে তাৰবাবে ৰাইজ সতৰ্ক থকাৰ বাহিৰে অন্য কোনো বিকল্প নাই৷

আনহাতে কভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যত লকডাউনৰ সময়সীমাৰ সম্পৰ্কত ভাৰত চৰকাৰে দিয়া নিৰ্দেশনাই ৰাজ্যত পালন কৰা হ’ব বুলি জনায় মন্ত্ৰী শৰ্মাই৷

ৰাজ্যৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰত উদ্ভণ্ডালি কৰাসকলৰ সম্পৰ্কত তেওঁ কয় যে কেন্দ্ৰবোৰত কম বেছি পৰিমাণে এনে লোক থাকিবই, গতিকে এনে লোকৰ সৈতে বুজাবুজিৰেই থাকিব লাগিব সকলো৷

তেওঁ কয় যে তিতা, মিঠা থাকিবই৷

কভিড-১৯ৰ সংক্ৰমণৰ পটভূমিত গোলাঘাটৰ সমস্যা এতিয়াও জটিল অৱস্থাতে আছে বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যলৈ মানুহ অহাৰ সংখ্যা ক্ৰমে কমিবলৈ লৈছে৷

দহ জুনৰ ভিতৰত ৰাজ্যলৈ স্থিতাৱস্থা ঘূৰি আহিব বুলি তেওঁ আশাবাদী৷

বোকাখাতৰ বন্তি শইকীয়া কভিদ-১৯ত পুনৰ সংক্ৰমিত হোৱাৰ সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে কৰ্কট ৰোগীৰ শৰীৰত থকা  মৃতকোষবোৰৰ বাবেই কেতিয়াবা কভিড-১৯ পজিটিভ দেখুৱায়, তাৰ বাবে চিন্তাৰ কোনো কাৰণ নাই৷

বৰ্তমানলৈকে ৰাজ্যৰ বহুকেইগৰাকী কেঞ্চাৰ ৰোগীক চিকিৎসা কৰি ঘৰলৈ পঠিওৱা হৈছে  বুলিও তেওঁ মন্তব্য কৰে৷

কহঁৰাৰ এই সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত কৃষি মন্ত্ৰী অতুল বৰা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাও উপস্থিত থাকে৷