ভুলতে এজন লোকক গ্ৰেপ্তাৰ কৰাৰ বাবে অসমৰ এজন আৰক্ষী বিষয়াই দৰমহাৰ পৰা ভৰিব লাগিব ২ লাখ টকা

Police

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

চৈধ্য বছৰ পূৰ্বে এগৰাকী লোকক পৰিছয় ভুল কৰি গ্ৰেপ্তাৰ কৰা অসমৰ আৰক্ষী বিষয়া এজনক বুধবাৰে অসম মানৱ অধিকাৰ আয়োগে ২ লাখ টকাৰ সাহায্য প্ৰদান কৰাৰ বাবে নিৰ্দেশ দিয়ে।

আৰক্ষী বিষয়াগৰাকীয়ে নিজৰ দৰমহাৰ পৰা উক্ত ২ লাখ টকা আদায় দিব লাগিব।

সত্যজিত বৰা নামৰ আৰক্ষী বিষয়া গৰাকীৰ দৰমহাৰ পৰা ২০২০ চনৰ ফেব্ৰুৱাৰি মাহৰ পৰা প্ৰতিমাহে ১০,০০০ টকাকৈ আদায় লৈ উক্ত সাহায্য খিনি ভূক্তভোগী লোক গৰাকীক মানৱ অধিকাৰ আইন ভংগ কৰাৰ অপৰাধত আদায় দিব নিৰ্দেশ দিয়া হৈছে বুলি জানিব পৰা গৈছে।

চান্দমাৰি আৰক্ষী থানাৰ উপ আৰক্ষী অধীক্ষক সত্যজিত বৰাই ২০০৫ চনত এটা হত্যাৰ অপৰাধত ৰমনী কলিতা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছিল।

পৰৱৰ্তী সময়ত কলিতাই মানৱ অধিকাৰ আয়োগত দাখিল কৰা অভিযোগ অনুসৰি গ্ৰেপ্তাৰৰ সময়ত আৰক্ষী বিষয়া গৰাকীয়ে অসম্পূৰ্ণ গ্ৰেপ্তাৰী পৰোৱানা লৈ উপস্থিত হৈছিল য’ত অভিযুক্তগৰাকীৰ বয়স, পিতৃৰ নাম, স্থায়ী ঠিকনা আদিৰ কোনোধৰণৰ উল্লেখ নাছিল।

গ্ৰেপ্তাৰৰ পাছত কলিতাই তেওঁ কাম কৰা কাৰ্য্যালয়ত একেনামৰ আৰু এগৰাকী ব্যক্তি আছে বুলি জনাই যদিও আৰক্ষীয়ে এইক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব দিয়া নাছিল যাৰ ফলত তেওঁ ১৫ দিন জেইল খাটিবলগীয়া হয়।

ন্যায়াধীশ টি ভাইফেইৰে গঠিত মানৱ অধিকাৰ আয়োগে গ্ৰেপ্তাৰৰ ক্ষেত্ৰত দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিয়াৰ বাবে আৰক্ষী বিষয়া গৰাকীক দোষী সাব্যস্ত কৰে।