আজি কটন মহাবিদ্যালয়ৰ ছুডমাৰ্ছন প্ৰেক্ষাগৃহত ৬০টা জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাইজ মেল অনুষ্ঠিত হৈছে। পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত ৰাইজ মেলত বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁই, দীনেশ বৈশ্য, লক্ষ্মীনাথ তামুলী, ড০ দীনেশ বৈশ্য, ড০ অপূৰ্ব বৰুৱা, নেকিবুৰ জামানকে ধৰি কেইবাজনো বিশিষ্ট বুদ্ধিজীৱী উপস্থিত থাকে।
ৰাইজমেলত ভাষণ দি বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাইয়ে কয় যে বিধেয়কখন সংসদত গৃহীত হ’লে অসমীয়া জাতিৰ কফিনত শেষ গজালটো মৰা হ’ব। কেন্দ্ৰই সদায় নিজৰ স্বাৰ্থত অসমক হেঁচা দি অহা বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনে ৰাজ্যখনৰ আইন-শৃংখলা বিধ্বস্ত কৰিবলৈ সম্পূৰ্ণৰূপে ব্ৰতী হৈ পৰিছে।
ড০ গোহাইয়ে কয় যে কেন্দ্ৰই ৰাজ্যখনৰ তথা ইয়াৰ জনসাধাৰণৰ উন্নয়নৰ কথা গুৰুত্ব নিদিয়ে। বৰ্তমান চৰকাৰৰ শাসনত ৰাজ্যখনৰ ভৱিষ্যত বিপদৰ সন্মুখীন হোৱা বুলিও তেওঁ দোহাৰে।
বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে যিকোনো উপায়ে আন্দোলনটো চলাই নিব লাগিব বুলি কয়। ৰাজ্যখনত বাস কৰা অনা অসমীয়া লোকসকলে বিধেয়কখনৰ বিৰুদ্ধে মাত নমতাটো উদ্বেগজনক বুলি উল্লেখ কৰি পৰিস্থিতিটোৱে অসম আন্দোলনৰ সময়ৰ কথা সোঁৱৰাই দিয়া বুলি কয়।
ৰাইজমেলত উপস্থিত থকা বিশিষ্ট চিন্তাবিদ লক্ষ্মীনাথ তামুলীয়ে জাতিধ্বংসী বিধেয়কখন বাতিল নকৰা পৰ্যন্ত অসমৰ জনসাধাৰণক ৰাজনৈতিক দলৰ সভাত উপস্থিত নাথাকিবলৈ আহ্বান জনায়। তেওঁ লগতে বিধেয়কখন বাতিল নকৰা পৰ্যন্ত চৰকাৰী কাৰ্যসূচীৰ পৰাও আঁতৰি থাকিবলৈ ৰাইজক আহ্বান জনায়।
বঙালীসকল অসমীয়াৰ শত্ৰু নহয় বুলি উল্লেখ কৰি চিন্তাবিদগৰাকীয়ে কয় যে আছুৱে খিলঞ্জীয়াৰ স্বাৰ্থত স্থিতি ল’ব নোৱাৰাৰ বাবে কিয় খলনায়ক আখ্যা দিয়া নাই? তদুপৰি, ২৩ অক্টোবৰৰ বন্ধক আছুৱে কিয় সমৰ্থ নকৰিলে বুলিও তেওঁ প্ৰশ্ন কৰে। এই বিষয়ত যদি আছু উদ্বিগ্ন তেনেহ’লে মৌন হৈ থকাৰ কাৰন কি বুলিও প্ৰশ্ন কৰে তামুলীয়ে।
আছুৱে ভুল কৰাৰ বাবে বেছিভাগ সময়ত মৌন থকা বুলি মন্তব্য কৰি তামুলীয়ে বিজেপিয়ে নিজৰ দেশৰ মানুহক মাৰি হ’লেও সংসদত বিধেয়কখন গৃহীত কৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে মোডীয়ে পৰৱৰ্তী লোকসভাত পুনৰ নিৰ্বাচিত হৈ শাসনলৈ আহিলে ভাৰতীয় সংবিধানখন মোহাৰি পেলাই নতুন সংবিধান প্ৰণয়ন কৰিব।
ৰাইজ মেলত বিশিষ্ট শিক্ষাবিদ ড০ দীনেশ বৈশ্যই কয় যে বিধেয়কখনে ভাৰতীয় সংবিধানৰ ধৰ্ম নিৰপেক্ষতাৰ মূল নীতি সম্পূৰ্ণৰূপে অঁতৰাই পেলাব। বাংলাদেশত কোনো হিন্দু নিৰ্যাতিত হোৱা নাই বুলি উল্লেখ কৰি বৈশ্যই কয় যে কেন্দ্ৰই হিন্দু বাংলাদেশী অনাৰ বাবে ষড়যন্ত্ৰ কৰিছে।
বিধেয়কখনক লৈ সমগ্ৰ বিষয়টো এতিয়া ৰাজনৈতিকভাৱে প্ৰণোদিত বুলি বৈশ্যই উল্লেখ কৰে। বৰ্তমানো চৰকাৰখনত থকাটো অগপৰ এক নাটক বুলি উল্লেখ কৰি তেওঁ কয় যে যদি তেওঁলোকে বিধেয়কখনৰ বিৰোধিতা কৰে তেনেহ’লে মিত্ৰতা ভংগ কৰা উচিত।
অনুষ্ঠানত আন এগৰাকী বিশিষ্ট ব্যক্তি ড০ অপূৰ্ব বৰুৱাই বিধেয়খনৰ বিৰুদ্ধ আন্দোলনটো সক্তিশালী ৰূপে গঢ়ি তোলাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য সংগঠনৰ সৈতেও যোগাযোগ কৰাৰ আহ্বান জনায়। বৰুৱাই লগতে হিংসাক প্ৰশ্ৰয় নিদিয়াৰ বাবেও আহ্বান জনায়।
ৰাইজমেলত উপস্থিত থাকি আন এগৰাকী বুদ্ধিজীৱী ড০ উদয়াদিত্য ভৰালীয়ে কয় যে আমি অসম চুক্তিত নিৰ্দ্ধাৰিত কৰা তাৰিখৰ পৰা এক ইঞ্চিও আঁতৰি যাব নোৱাৰো। চৰকাৰে এই কথা মনত ৰখা উচিত।
আমি সাম্প্ৰদায়িকতা তথা উগ্ৰ জাতীয়তাবাদৰ বিৰোধী বুলি উল্লেখ কৰি এইটোৱে আন্দোলনটোৰ মূল নীতি বুলি ব্যক্ত কৰে।
ৰাইজমেলত উপস্থিত থাকি জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে কয় যে বিধেয়কখন বাতিলৰ দাবীত বহুতেই প্ৰতিবাদ কৰিছে।
জামানে বৰ্তমান বিজেপি নেতৃত্বৰ চৰকাৰখনে ‘গুপ্ত হত্যা’ আৰম্ভ কৰিছে বুলি অভিযোগ কৰি খেৰবাৰীৰ হত্যাকাণ্ডৰ বাবে চৰকাৰকে জগৰীয়া কৰে।
তেওঁ লগতে কয় যে আন্দোলনটোক মষিমূৰ কৰাৰ বাবে ৰাজ্যখনত ইতিমধ্যে কিছুমান সমাজ বিৰোধী তথা অসমীয়া বিৰোধী লোকৰ প্ৰৱেশ ঘটিছে। তদুপৰি, জামানে বিজেপিৰ চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি অগপৰ নেতাসকলক অসমীয়া জাতি আৰু ভেটিৰ স্বাৰ্থত আপোচ নকৰিবলৈ আহ্বান জনায়।
ৰাইজমেলত ভাষণ দি কৃষক নেতা অখিল গগৈয়ে কয় যে অসমীয়া লোক নিজৰ ভূমি আৰু সম্প্ৰদায়ৰ প্ৰতি উদ্বিগ্ন নহয় বুলি উল্লেখ কৰে। গেৰুৱা দলটোৱে অসমত হিন্দুত্ব আৰোপ কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। এই ৬০ টা সংগঠনে ৰাজ্যখনত বিজেপিয়ে প্ৰয়োগ কৰিব খোজা হিন্দুত্বক প্ৰতিৰোধ কৰিব বুলি তেওঁ কয়।