বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ পৰাজয়

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এইবাৰ সংগঠিত ছাত্ৰ শক্তিৰ হাতত পৰাজিত হয় সদৌ অসম ছাত্ৰ সন্থা।

মহাবিদ্যালয়খনত আজি অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদকৰ পদকে ধৰি মুঠ চাৰিটা গুৰুত্বপুৰ্ণ পদত ABVP, NSUI, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, মিচিং ছাত্ৰ সন্থা, চুতীয়া জাতি ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীয়ে পোনপতীয়া প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰে।

ইয়াৰ বিপৰীতে আছুৰ দ্বাৰা সমৰ্থিত মাত্ৰ এজন প্ৰাৰ্থীহে পোনপতীয়া প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয়। মহাবিদ্যালয়খনৰ ছাত্ৰ একটা সভাৰ নিৰ্বাচনত এইবাৰ মুঠ ৫টা পদতহে প্ৰতিদ্বন্দিতা হৈছিল।

অৱশ্যে আছুৰ দ্বাৰা সমৰ্থিত ৫ গৰাকী প্ৰাৰ্থী এইবাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে ছাত্ৰ একটা সভালৈ নিৰ্বাচিত হৈছে।

আজিৰ নিৰ্বাচনত সন্মিলিত ছাত্ৰ সংগঠনৰ সমৰ্থিত প্ৰাৰ্থী চন্দন দাসে সাধাৰণ সম্পাদক পদত, পঙ্কজ দাসে ক্ৰিকেট সম্পাদক পদত, মিতালী গগৈয়ে গাৰ্লছ কমন ৰূমৰ সম্পাদক পদত আৰু আশাদেবী হিন্দী আলোচনীৰ সম্পাদক পদত জয়ী হয়।

সাধাৰণ সম্পাদকৰ পদত চন্দন দাসে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী আছু সমৰ্থিত বিশ্বজিত দেৱ নাথক ২৩৫ টা ভোটত পৰাজিত কৰে। চন্দন দাসে ৫৯৩ টা ভোট লাভ কৰাৰ বিপৰীতে দেৱনাথে ৩৫৮ টা ভোট লাভ কৰে ৷

উল্লেখযোগ্য যে মহাবিদ্যালয়খনৰ বহু কেইটা পদত মনোনয়ন পত্ৰ গৃহীত নোহোৱাৰ বাবে প্ৰতিদ্বন্দ্বিতা অনুষ্ঠিত হোৱা নাছিল।