অসমত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। হত্যা, ধৰ্ষণ, ডকাইতি আদিৰ দৰে জঘন্য কাণ্ডই নিদ্ৰা হৰণ কৰিছে জনতাৰ। কিন্তু প্ৰশ্ন উত্থাপন হয় যে কিমানজন ভুক্তভোগীয়ে ন্যায় পাইছে? গণতান্ত্ৰিক ব্যৱস্থাৰ অন্যতম স্তম্ভ ন্যায়পালিকাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিন্তু বৰ্তমান নিম্ন আদালতসমূহত ভয়াৱহ ৰূপ ধাৰণ কৰিছে গোচৰৰ বোজাই। শেহতীয়া কৈ প্ৰকাশ পোৱা প্ৰতিবেদনত পোহৰলৈ আহিছে ন্যায় ব্যৱস্থাৰ ভয়াবহ ছবি।
তথ্য অনুসৰি, অসমৰ জিলা আদালতসমূহত বৰ্তমান ৫ লাখৰো অধিক গোচৰ নিষ্পত্তি হোৱা নাই। বিগত মে’ মাহলৈ এই সংখ্যা আছিল মুঠ ৫,২৩,৯২৩টা। ইয়াৰ ভিতৰত ৪,১৫,১৯৪টা ফৌজদাৰী গোচৰ আৰু ১,০৮,৭২৯টা দেৱানী গোচৰ। মে’ মাহত জিলা আদালতসমূহে ২১,০৫২টা ফৌজদাৰী আৰু ৬,১৯৭টা দেৱানী গোচৰৰ নিষ্পত্তি কৰিছে। এই গোচৰৰ ভিতৰত ৭২টা গোচৰ সাংসদ আৰু বিধায়কৰ সৈতে জড়িত।
এই বিপুল সংখ্যক অমীমাংসিত গোচৰে স্পষ্টকৈ দেখুৱাইছে যে ৰাজ্যত অপৰাধৰ হাৰ বৃদ্ধিৰ তুলনাত ন্যায় প্ৰাপ্তিৰ হাৰ অতি নগণ্য। নিম্ন আদালতৰ উপৰিও গুৱাহাটী উচ্চ ন্যায়ালয়তো লাখ লাখ গোচৰ অমীমাংসিত হৈ আছে। সম্প্ৰতি এনে পৰিস্থিতিয়ে ন্যায় ব্যৱস্থাৰ লেহেমীয়া গতিৰ ইংগিত বহন কৰিছে।
৫ লাখৰো অধিক অমীমাংসিত গোচৰৰ এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে। লাখ লাখ লোকে ন্যায়ৰ আশাত বাট চাই আছে, কিন্তু বহুতেই জীৱনৰ শেষলৈকে ন্যায়ৰ মুখ দেখাৰ পৰা বঞ্চিত হৈছে। এই সমস্যাৰ সমাধানৰ বাবে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই জৰুৰীভাৱে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা জৰুৰী হৈ পৰিছে।