NORTHEAST NOW (Assamese)

বন্যপ্ৰাণী সপ্তাহ উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ ৮ অক্টোবৰত কুইজ প্ৰতিযোগিতা

September 19, 2018 6:39 pm · এন ই নাও নিউজ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৮ অক্টোবৰত ৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহ, ২০১৮ৰ লগত সংগতি ৰাখি কঁহৰাত এক কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

কুইজ প্ৰতিযোগিতাখনত উদ্যানখনৰ সমীপৱৰ্তী জিলা গোলাঘাট, কাৰ্বিআংলং, নগাঁও, শোণিতপুৰ আৰু বিশ্বনাথৰ ছাত্ৰ-ছাত্ৰী সকলে অংশ গ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাখনত নৱম শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশ গ্ৰহণ কৰিব পাৰিব বুলি উদ্যোক্তা সকলৰ পৰা জানিব পৰা গৈছে।

লগতে উদ্যোক্তা সকলে নিৰ্ধাৰণ কৰি দিয়া নিয়মাৱলী অনুসৰি কুইজ প্ৰতিযোগিতাটোত প্ৰতিটো গ্ৰুপতে তিনিজনকৈ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব পাৰিব।

উক্ত দিনা অৰ্থাৎ ৮ অক্টোবৰৰ দিনা পুৱা ১০ বজাৰ পৰা কুইজ প্ৰতিযোগিতাখনি অৰম্ভ হ’ব। প্ৰতিযোগিতাত প্ৰথম. দিত্বীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত সকলক ক্ৰমে ১৫, ১০ আৰু ৫ হাজাৰ টকাকৈ প্ৰমাণপত্ৰসহ পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব।

প্ৰতিযোগিতাখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই স্বেচ্ছাসেৱী সংগঠন ভূমি আৰু আৰণ্যকৰ সহযোগত আয়োজনৰ বাবে প্ৰস্তুতি চলাইছে।

Related News