ৰাষ্ট্ৰীয় ছিনিয়ৰ খো খো প্ৰতিযোগিতালৈ ৰাওনা অসম দল

khelo-india-pr1

প্ৰতিনিধিত্বমূলক ফটো। উৎস-ইণ্টাৰনেট

ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হ’বলগীয়া ৫২ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ খো-খো প্ৰতিযোগিতাৰ বাবে অসমৰ পুৰুষ আৰু মহিলা দল দুটা ঘোষণা কৰা হয়। ২৪ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ পাঁচদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় খো-খো প্ৰতিযোগিতাখন।

ইতিমধ্য ঘোষণা কৰা অসমৰ পুৰুষ আৰু মহিলা দল দুটা হৈছে-

পুৰুষ দলটো-ভাস্কৰ গগৈ, পৰাগ গগৈ, সুদীপ ৰয়, বীৰ কুমাৰ পানিকা, অভিজিৎ সোণোৱাল, লক্ষ্যজ্যোতি সোণোৱাল, কিৰণ বড়ো, নিতুল বড়ো, পিতু দাস, চিমন্ত দাস, মৰম ৰাজবংশী আৰু সঞ্জীৱ দাস। দলটোৰ প্ৰশিক্ষক আৰু সঞ্চালক হ’ল ক্ৰমে মিথুন দাস আৰু লক্ষজিৎ মেধি।

মহিলা দলটো- মনালিছা বৰুৱা, দীপশিখা সোণোৱাল, ৰিমজিম সোণোৱাল, বাৰ্বি গগৈ, ৰীতা পানিক, পাপৰি মৰাণ, সংঘমিত্ৰা বসুমতাৰী, ডিম্পি কলিতা, অনামিকা বড়ো, নীলিমা ডেকা, নম্ৰতা সোণোৱাল আৰু সুনেয়া ৰাভা। মহিলা দলটোৰ প্ৰশিক্ষক হৈছে আৰু সঞ্চালক হ’ল ক্ৰমে-হিৰণ্ময় গোহাঁই আৰু ৰিম্পিমণি মৰাণ।

অসমৰ পুৰুষ আৰু মহিলা দল দুটাই ইতিমধ্যে জয়পুৰলৈ ৰাওনা হৈছে। প্ৰতিযোগিতাখনত ভাল প্ৰদৰ্শন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে আগ্ৰহী বুলিও পুৰুষ আৰু মহিলা দল দুটাৰ খেলুৱৈ সকলে মন্তব্য কৰে।