NORTHEAST NOW (Assamese)

ৰাজ্যত নতুনকৈ স্থাপন হ’ব ৯ খন আইন মহাবিদ্যালয়

September 16, 2021 12:52 pm · এন ই নাও নিউজ
Updated: September 16, 2021 2:55 pm

বুধবাৰে যোৰহাটত নতুনকৈ স্থাপন হ’বলগীয়া চৰকাৰী আইন মহাবিদ্যালয়ৰ আধাৰশিলা প্ৰতিষ্ঠা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনুস্থানত উপস্থিত থাকি মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যত নতুনকৈ ৯ খন আইন মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে।

LAW COLLEGE, ৰাজ্য চৰকাৰে ডিব্ৰুগড়,উত্তৰ লখিমপুৰ,ৰঙিয়া,ধুবুৰী,ডিফু,শিলচৰ,তেজপুৰ,নলবাৰী আৰু নগাঁৱত অত্যাধুনিক সা-সুবিধাযুক্ত চৰকাৰী আইন মহাবিদ্যালয় স্থাপনৰ পদক্ষেপ ল’ব বুলি হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, ৰাজ্যত পূৰ্বৰে পৰা থকা আইন মহাবিদ্যালয়ৰ অধিকাংশই বেচৰকাৰী অনুষ্ঠানৰ দ্বাৰা পৰিচালিত । সেয়ে ছাত্ৰ – ছাত্ৰীয়ে যাতে কম মূল্যত এক উচ্চ মানদণ্ডৰ শিক্ষা লাভ কৰিব পাৰে,তাৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিব।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ আধাৰত ৰাজ্যৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন সাধন কৰিব পৰাকৈ এক উন্নত মানদণ্ডৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যে ৰাজ্যত নতুন শিক্ষা নীতিৰ প্ৰচলন কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।
তেওঁ লগতে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ আধাৰত ৰাজ্যৰ ৩০০০ হাইস্কুলক ‘চিনিয়ৰ চেকেণ্ডেৰী স্কুল’লৈ উন্নীত কৰা হ’ব বুলিও উল্লেখ কৰে।

Also read : গো-সুৰক্ষা আইন-২০২১ বাতিলৰ দাবীত বঙাইগাঁৱত চিপিআই(এম)ৰ প্ৰতিবাদী কাৰ্যসূচী

উল্লেখযোগ্য যে, যোৰহাট চৰকাৰী আইন মহাবিদ্যালয়ৰ নিৰ্মাণৰ অৰ্থে ১৪.৭৪ কোটি টকা ধাৰ্য কৰা হৈছে আৰু অহা ২ বছৰৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব বুলি নিৰ্ধাৰণ কৰা হৈছে।

Related News