• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গো-সুৰক্ষা আইন-২০২১ বাতিলৰ দাবীত বঙাইগাঁৱত চিপিআই(এম)ৰ প্ৰতিবাদী কাৰ্যসূচী

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
September 15, 2021 6:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্টকাৰী তথা গো- পালকক ক্ষতি কৰা গো- সংৰক্ষণ আইন-২০২১ বাতিলৰ দাবীত  চিপিআই(এম)ৰ বঙাইগাঁও জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷

বামপন্থী দলটোৱে বঙাইগাঁৱৰ গান্ধী ময়দানৰ পৰা প্ৰতিবাদী সমদল উলিয়াই মূল ৰাজপথেৰে মায়াপুৰী হৈ বঙাইগাঁও জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত  হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷

Apply Now

চিপিআই(এম)ৰ বঙাইগাঁও জিলা সমিতিৰ সম্পাদক পৰিমল চক্ৰৱৰ্তী স্বাক্ষৰিত স্মাৰকপত্ৰত উল্লেখ কৰা মতে সকলো বিৰোধী দলৰ তীব্ৰ বিৰোধিতা আৰু আপত্তি স্বত্বেও অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ততাতৈয়াকৈ যোৱা ১৩ আগষ্টত গো-সুৰক্ষা বিধেয়ক-২০২১ বিধেয়ক অসম বিধান সভাত গৃহীত কৰিলে৷

কিন্তু বিৰোধী দলৰ সুনিশ্চিত প্ৰস্তাৱ আছিল যে কেৱল চৰকাৰ পক্ষৰ সংখ্যা গৰিষ্ঠৰ জোৰত এই বিধেয়ক গ্ৰহণ কৰাৰ সলনি বিধান সভাৰ চিলেক্ট সমিতিলৈ বিধেয়কখন প্ৰেৰণ কৰা হওক ৷

চিলেক্ট সমিতিলৈ প্ৰেৰণ কৰাৰ অৰ্থ হ’ল তাত বিধেয়কখন পুংখানুপুংখভাৱে আলোচনা হ’ব৷তদুপৰি গোপালক,খেতিয়ক বা জনসাধাৰণৰ বিভিন্ন অংশৰ মতামত গ্ৰহণ কৰাৰ সুযোগ থাকিব৷

কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰখনে এনে গণতান্ত্ৰিক প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ সলনি নিজৰ সংখ্যাগৰিষ্ঠতাৰ জোৰত বিধেয়কখন গ্ৰহণ কৰিলে৷বিধেয়কখন গৃহীত হোৱাৰ পাছত ৰাজ্যখনৰ বিভিন্ন জিলাৰ গোপালক আৰু খেতিয়ক সকলৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে ৷ ইয়াৰ পৰাই বুজিব পাৰি যে নিজৰ আকোঁৰগোজ কৰ্মপদ্ধতি আৰু সাম্প্ৰতিক দৃষ্টিভংগী অনুসৰণ কৰিবলৈ গৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ অৰ্থনীতিলৈ ভয়ংকৰ বিপদ মাতি আনিছে৷

উল্লেখ্য-বিধেয়কখনত গৰু পৰিবহণত নিষেধাজ্ঞা,গাই-দামুৰী আৰু চেউৰী বিক্ৰী নিষিদ্ধ,বিধেয়কখনত হিন্দু, জৈন, শিখ সম্প্ৰদায়ৰ আধিপত্য থকা অঞ্চলত গো মাংসৰ বেচা কিনা নিষিদ্ধ কৰা হ’ব ৷

তদুপৰি মন্দিৰ,সত্ৰ বা হিন্দু ধৰ্মীয় প্ৰতিষ্ঠানৰ ৫ কিলোমিটাৰ ব্যাসাৰ্দ্ধত গৰুৰ বেচা-কিনা নিষিদ্ধ কৰা হৈছে৷ সামগ্ৰীক অৰ্থত বিধেয়কখনে অসমৰ অৰ্থনীতিক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিব৷ অসমত ক্ৰমাৎ বৃদ্ধিপাই অহা গো-পালন বা ডেইৰীখণ্ডক ই চূড়ান্তভাৱে ক্ষতি কৰিব৷অসমৰ দুৰ্বল গাঁৱলীয়া অৰ্থনীতিক ইয়ে আৰু নিশকতীয়া কৰি পেলাব৷ বিধেয়কখনৰ চৰিত্ৰ হৈছে সাম্প্ৰদায়িক,স্বৈৰতান্ত্ৰিক আৰু ভাৰতীয় সংবিধানৰ পৰিপন্থী৷

সেয়ে এনে জনস্বাৰ্থবিৰোধী,সাম্প্ৰদায়িক,স্বৈৰতান্ত্ৰিক বিধেয়কখনত ৰাজ্যপালক স্বাক্ষৰ নকৰিবলৈ স্মাৰকপত্ৰ যোগে বামপন্থী দলে আহ্বান জনাইছে৷ স্মাৰক পত্ৰত আৰু উল্লেখ কৰা মতে অসমত প্ৰায় ২০ হেজাৰ কোটি টকাৰ গৰু বছৰি বেচা- কিনা হয় ৷

কিন্তু বিধেয়কখনত যিবোৰ ব্যৱস্থা কৰা হৈছে তাৰ ফলত গাখীৰ  দিবলৈ এৰা গাই বিক্ৰী কৰাটো সম্পূৰ্ণ নিষিদ্ধ হ’ব ৷ সেয়েহে গাখীৰ দিবলৈ এৰাৰ পিছত এতিয়া গাইবোৰ খেতিয়ক বা গোপালকে নিজৰ ধন ভৰি পোহপাল দি থাকিব লাগিব ৷

এনে অৱস্থাত বহুতে গাই গৰু পোহা বাদ দিবলৈ বাধ্য হ’ব ৷ প্ৰতিবাদী কাৰ্যসূচীত বাওপন্থী নেতা হৰেশ্বৰ দাসকে ধৰি কেইবাজনো নেতা আৰু দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd