NORTHEAST NOW (Assamese)

ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক কঠোৰতম শাস্তি বিহাৰ দাবী সদৌ অসম আইন ছাত্ৰ সন্থাৰ

June 15, 2020 6:56 pm · দীপজ্যোতি শৰ্মা
Updated: June 16, 2020 6:45 am
নুনমাটিৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাঁচজনৰ ভিতৰৰ চাৰিজন অভিযুক্ত। ফটো: নৰ্থইষ্ট নাও

বৰ্তমান সময়ত ৰাজ্যত সংঘটিত হৈ থকা গণপ্ৰহাৰজনিত হত্যাৰ ঘটনাত ভুক্তভোগী সকলৰ ন্যায় প্ৰদানৰ স্বাৰ্থত আৰু তেখেত সকলৰ মানৱ অধিকাৰ খৰ্বৰ বিৰোধিতা কৰি সদৌ অসম আইন ছাত্ৰ সন্থাই মানৱ অধিকাৰ আয়োগত আজি সোমবাৰে এক গোচৰ তৰে৷

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞাপ্তি যোগে এই কথা জনাই সদৌ অসম আইন ছাত্ৰ সন্থাৰ সহ সাধাৰণ সম্পাদক মৃন্ময় কলিতাই৷

বৰ্তমান সময়ত ৰাজ্যত সংঘটিত হৈ থকা গণপ্ৰহাৰজনিত হত্যাই অসমৰ জনসাধাৰণক বাৰুকৈ শংকিত কৰি তুলিছে৷ এই ঘটনা সমূহে মানৱ অধিকাৰ তীব্ৰভাবে উলংঘা কৰিছে বুলি বিবৃতি যোগে  প্ৰকাশ কৰে৷

 

আজি মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ন্যায়ধীশ টি ভেইফেইৰ হাতত অসম আইন ছাত্ৰ সন্থাই গোচৰ পত্ৰ অৰ্পণ কৰে আৰু বৰ্তমান সংঘটিত হৈ থকা এই হত্যা ৰোধৰ বাবে মানৱ অধিকাৰ আয়োগক অনুৰোধ জনাই বুলি জানিব দিয়ে কলিতাই৷

ইপিনে মৃন্ময় কলিতাই কয়, ‘চৰকাৰ তথা গৃহ বিভাগক ৰাজ্যত সংঘটিত গণপ্ৰহাৰজনিত হত্যাসমূহৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছো৷ যাতে আগন্তুক সময়ত এনে ধৰণৰ অমানৱীয় কাম কৰিবলৈ ভয় কৰে।’

ইয়াৰ লগতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত শেহতীয়াকৈ সংঘটিত হোৱা ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ লগত জড়িত সকলোকে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ সন্থাই দাবী জনায়৷

Related News