চাহ কোম্পানিৰ গুদামতে আজিও চলি আছে অসম বিধান সভা!

Assam-Assembly-Report

অসম বিধান সভা। ফাইল ছবি।

চাহ কোম্পানিৰ এটা গুদামত অসমৰ সমস্যাক লৈ তৰ্ক-বিতৰ্ক কৰে ৰাইজে নিৰ্বাচিত কৰি পঠোৱা ১২৬ গৰাকী জন প্ৰতিনিধিয়ে!

শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিচপুৰলৈ উঠি অহাৰ ৪৬ বছৰৰ পিছতো আশ্চৰ্য্যজনকভাৱে আজিও অসম বিধান সভাৰ নাই স্থায়ী ভৱন।

শ্বিলঙৰ পৰা ৰাজধানী স্থানান্তৰৰ সময়ত চাহ কোম্পানি এটাৰ এই গুদাম ঘৰটো মেৰামতি কৰিয়ে আৰম্ভ কৰা হৈছিল বিধান সভাৰ কাম-কাজ।

২০১১ চনৰ ৫ ফেব্ৰুৱাৰিত তদানীন্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে নতুন বিধান সভা ভৱনৰ আধাৰশিলা স্থাপন কৰিছিল। দিচপুৰৰ ৩০ বিঘা মাটিজুৰি এই ২৩৪.৮৪ কোটি টকীয়া প্ৰকল্পটো নিৰ্মাণ হোৱাৰ কথা।

অসম বিধান সভাৰ প্ৰস্তাৱিত ভৱনৰ নক্সা।

২০১৪ চনৰ প্ৰথম ভাগতে সমাপ্ত হ’ব লগীয়া প্ৰকল্পটো আজিলৈকে সম্পূৰ্ণ হোৱাৰ কোনো লক্ষণ দেখা দিয়া নাই। আৰু আচৰিতভাৱে চাৰে চাৰি বছৰ পলম হোৱাৰ পিছতো প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰে দেখুওৱা নাই কোনো তৎপৰতা।

ক’লকাতাৰ দুলাল মুখাৰ্জী আৰু এছছিয়েটছ নামৰ এখন আৰ্কিটেক্সাৰেল ফাৰ্মে নক্সা প্ৰস্তুত কৰা এই ৪৫৫৩৪.৯৬ বৰ্গ কিঃমিঃ এলেকা সামৰা প্ৰকল্পটোৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল চিমপ্লেক্স নামৰ এক ব্যক্তিগত নিৰ্মাণ প্ৰতিষ্ঠানক।

এতিয়ালৈকে নিৰ্মাণৰ গাঁথনিটো সম্পূৰ্ণ হৈছে যদিও অভ্যন্তৰীণ কাম-কাজ এতিয়াও সমাপ্ত হোৱা নাই। আৰু কামটো তৎপৰতাৰে শেষ কৰিবলৈ বিজেপি নেতৃত্বাধীন অসম চৰকাৰে প্ৰদৰ্শন কৰা নাই কোনোধৰণৰ উদ্যম।

নতুন বিধান সভা প্ৰকল্পটোত থাকিব মুঠ ৫টা ভৱন। ইয়াত থাকিব উচ্চ আৰু নিম্ন সদনৰ বাবে সুকীয়াকৈ এটা ৩ মহলীয়া ভৱন, তাৰ সৈতে মন্ত্ৰী-বিধায়ক আৰু ভি আই পিৰ বাবে আছুতীয়া ৫০টা কোঠাৰ সৈতে সংলগ্ন থাকিব এটা সুকীয়া ১৪ মহলীয়া ভৱন আৰু আন এটা ৪ মহলীয়া ভৱন।

প্ৰকল্পটোত ২৮৬ খন গাড়ী ৰাখিব পৰা এটা ৫ মহলীয়া কাৰ পাৰ্কৰো পৰিকল্পনা কৰা হৈছিল।

প্ৰস্তাৱিত বিধান সভা ভৱনটোক অত্যাধুনিক এইচ ভি এ’ চি, স্বয়ংক্ৰিয়ভাৱে শক্তি সঞ্চয়কাৰী পোহৰ ব্যৱস্থা আদিৰে সৈতে এক সেউজ প্ৰকল্পৰূপে গঢ়ি তুলিব খোজা হৈছিল।

কিন্তু এইটোহে জানিব পৰা হোৱা নাই, কিয় অসমৰ গড়কাপ্তানী বিভাগ (ভৱন)এ বিধান সভা ভৱনৰ ইণ্টেৰিয়ৰৰ কামৰ বাবে ২০১৫ চনৰ ১৪ ডিচেম্বৰত আহ্বান কৰা টেণ্ডাৰখন বাতিল কৰিলে কিয়। ২০১৬ চনৰ ১৩ জানুৱাৰিত বন্ধ হ’বলগীয়া ৪০ কোটি টকা পৰিমাণৰ এই টেণ্ডাৰখন ২০১৬ চনৰ ১১ জানুৱাৰিত বাতিল কৰা হয়।

অসম বিধান সভাৰ আধুনিক ভৱন এটাৰ নিৰ্মাণ সম্পূৰ্ণ কৰাক লৈ চৰকাৰ ছিৰিয়াছ নে? নে, পুৰণি গুদামটোৰ পৰাই বিধান সভাৰ কাম-কাজ চলাই ৰাখি চৰকাৰে অসমৰ ৰাইজক লাজত পেলায়েই ৰাখিব?