ৰাজ্যত শেহতীয়া ক’ভিদ পৰিস্থিতি কি ? বৃদ্ধি পাইছে নেকি ক’ভিদ সংক্ৰমণ !

COVID19

ক্ৰমাৎ সুস্থিৰ অৱস্থালৈ আহিছে ৰাজ্যৰ ক’ভিদ পৰিস্থিতি। হ্ৰাস পাইছে ক’ভিদ ৰোগীৰ সংখ্যা।

মঙ্গলবাৰে ৰাজ্যত সৰ্বমুঠ ৬৪,৪২১ টা ক’ভিদ পৰীক্ষা সম্পন্ন কৰা হয় আৰু ইয়াৰে ৪৪১ গৰাকী ব্যক্তিৰ শৰীৰত ক’ভিদ সংক্ৰমণ ধৰা পৰিছে।

অৱশ্যে ক’ভিদ সংক্ৰমণৰ হাৰ ১ শতাংশতকৈও তলতেই অৱস্থান কৰি আছে।

যোৱা ২৪ ঘণ্টাত নতুনকৈ সংক্ৰমিত ক’ভিদ ৰোগীৰ সৈতে সৰ্বমুঠ ৩,৭৩৪ জন ক’ভিদ সংক্ৰমিত ৰোগী বৰ্তমান সময়ত ৰাজ্যত আছে।

ৰাজ্যৰ সৰ্বাধিক ক’ভিদ সংক্ৰমণ ধৰা পৰা জিলা সমূহ ক্ৰমে কামৰূপ মেট্ৰ’, গোলাঘাট, লখিমপুৰ আৰু যোৰহাট বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে কামৰূপ মেট্ৰ’ত ১২৯ জন, গোলাঘাটত ৫৬ জন, লখিমপুৰত ৩৭ জন আৰু যোৰহাটত ২৯ জন ব্যক্তিৰ দেহত ক’ভিদ ভাইৰাছ ধৰা পৰিছে।

মঙ্গলবাৰে ৰাজ্যত ৬ জন ব্যক্তিৰ ক’ভিদ সংক্ৰমণৰ ফলত মৃত্যু হয়। মৃত্যু হোৱা ব্যক্তি কেইজন চৰাইদেউ, ডিব্ৰুগড়, হোজাই, যোৰহাট, কৰিমগঞ্জ আৰু ওদালগুৰিৰ বুলি জানিব পৰা গৈছে।

অৱশ্যে কালি মুঠ ৩৩৮ জন ৰোগীক ক’ভিদ মুক্ত হিচাপে চিনাক্ত কৰা হয়।

ৰাজ্যত ক’ভিদত সুস্থ হোৱা ৰোগীৰ সংখ্যা ৯৮.১৮ হাৰেৰে ৫,৮৭,৯৭০ জনলৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান ক’ভিদ বিধি বহুখিনি শিথিল কৰা হৈছে। অৱশ্যে তাৰ পিছতো জনসাধাৰণক ক’ভিদ সংক্ৰান্তীয় বাধ্য-বাধকতা মানি চলিবলৈ আহ্বান জনাইছে ৰাজ্য প্ৰশাসনে।