NORTHEAST NOW (Assamese)

ৰাজ্যৰ নতুন শিক্ষা বৰ্ষৰ সিদ্ধান্তক আদৰণি অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ

June 2, 2020 12:24 pm · দীপজ্যোতি শৰ্মা
প্ৰতিনিধিত্বমূলক চিত্ৰ

নতুনকৈ ৰাজ্যৰ শৈক্ষিক বৰ্ষ ৩১ মাৰ্চৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই।

বৰ্তমানৰ পহিলা জানুৱাৰীৰ পৰিৱৰ্তে শিক্ষাবৰ্ষ ৩১ মাৰ্চলৈ সম্প্ৰসাৰন কৰাৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্তক উচিত পদক্ষেপ আখ্যা দি সন্থাই কয়, ’ছাত্ৰ-ছাত্ৰী, অভিভাৱ, শিক্ষক-শিক্ষয়ত্ৰী সমন্বিতে অসমৰ শৈক্ষিক ক্ষেত্ৰলৈ শুভবাৰ্তা কঢ়িয়াই আনিব এই সিদ্ধান্তই’।

ক’ভিড-১৯ আৰু লকডাউনৰ বাবে ছাত্ৰ-ছাত্ৰীৰ যি বিস্তৰ ক্ষতি হ’ল তাক সুস্থিৰ অৱস্থালৈ অনাৰ স্বাৰ্থত ৩১ মাৰ্চ পৰ্যন্ত শিক্ষা বৰ্ষ সম্প্ৰসাৰণ কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনাই সন্থাটোৱে।

সন্থাৰ সভাপতি ভূৱনেশ্বৰ নাথ আৰু সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই এই সিন্ধান্তক আদৰণি জনাই কয়, ‍‘উৎসাহজনক আৰু আশাব্যঞ্জক খবৰ  এই যে বৰ্তমান অসমত চলি থকা জানুৱাৰিৰ পৰা ডিচেম্বৰৰ শিক্ষা বৰ্ষৰো স্থায়ী পৰিবৰ্তনৰ প্ৰয়োজনীয়তা আহি পৰিছে। বৰ্তমান শৈক্ষিক বৰ্ষতো শিক্ষক সকলে কৃষি কাৰ্যত সহায় হোৱাকৈ প্ৰস্তুত কৰি লৈছিল। কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে তাৰ প্ৰাসংগিকতা হেৰাই গৈছে’।

তেওঁলোকে লগতে কয়, ‍‘ সৰস্বতী পূজা, মাঘ বিহু, হাইস্কুল শিক্ষান্ত পৰীক্ষা, বহী নিৰীক্ষনকে ধৰি বিভিন্ন প্ৰাকৃতিক কাৰনত ছাত্ৰ ছাত্ৰীয়ে  প্ৰায় তিনিমাহ ক্ষতিৰ সন্মুখীন হৈ আহিছে’।

ইয়াৰ উপৰি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ সৈতে দেশৰ অন্য ৰাজ্যৰ শিক্ষা বৰ্ষ মিল থকাত অসমৰ চৰকাৰী-বেচৰকাৰী খণ্ডৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰী সকল বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষাৰ পৰা বঞ্চিত হৈ আহিছে। গতিকে ৰাজ্যৰ শৈক্ষিক বৰ্ষও মাৰ্চৰ পৰা এপ্ৰিললৈ পৰিবৰ্তন কৰি চৰকাৰে এক স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগে বুলি কয় সন্থাৰ সভাপতি-সম্পাদক দ্বয়ে।

সন্থাৰ সম্পাদক কলিতাই লগতে কয়, ‍‘যি সময়ত বিশ্বায়ন আৰু প্ৰযুক্তি বিদ্যাই সমগ্ৰ পৃথিৱী খনকে এক কৰাৰ কুচ কাৱাজ চলিছে  সেই সময়ত এক ভাৰত এক নীতি এক শিক্ষা এক পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা আহি পৰিছে’।

লগতে আগন্তুক গ্ৰীষ্মবন্ধ সমূহ এক জুলাইৰ পৰিবৰ্তে ১৫ জুলাইলৈ পৰিবৰ্তন কৰাৰ পৰামৰ্শ আগ বঢ়াই  কলিতাই ৷

Related News