NORTHEAST NOW (Assamese)

বজাৰ বন্ধ কৰিবলৈ দিয়া নিৰ্দেশৰ বাবেই দণ্ডাধীশক আক্ৰমণ একাংশ দুৰ্বৃত্তৰ

April 2, 2020 9:56 am · শশাংক তালুকদাৰ
Updated: April 2, 2020 10:00 am
গ্ৰেপ্তাৰ হোৱা দুয়োজন আক্ৰমণত জড়িত। ফটো : নৰ্থ-ইষ্ট নাও

নামনি অসমৰ বৰপেটা জিলাত বুধবাৰে এটা দুৰ্বৃত্তৰ দলে বজালীৰ দণ্ডাধীশ জোনালী ৰাভাক আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে বৰপেটা জিলাৰ সৰুপেটা অঞ্চলৰ বাটুৱাত।

উল্লেখ্য যে, সমগ্ৰ দেশজুৰি চলি থকা লকডাউন অমান্য কৰি সৰুপেটাৰ বাটুৱা অঞ্চলত এখন বজাৰ বহিছিল। স্থানীয় লোকক সেই বজাৰ বন্ধ কৰিবলৈ দণ্ডাধীশ জোনালী ৰাভাই নিৰ্দেশ দিয়াৰ বাবেই দুৰ্বৃত্তৰ দলটোৱে তেওঁক আক্ৰমণ কৰে।

দুৰ্বৃত্তৰ দলটোৱে দণ্ডাধীশ গৰাকী যোৱা গাড়ীত শিলেৰে আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে। সৌভাগ্য ক্ৰমে এই আক্ৰমণত দণ্ডাধীশ গৰাকী ৰক্ষা পৰে যদিও বাহনখন ক্ষতিগ্ৰস্ত হয়।

ইফালে লকডাউন অমান্য কৰা আৰু দণ্ডাধীশক আক্ৰমণ কৰাৰ অপৰাধত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা লোক দুজন ছাদ্দাম হুছেইন (৪০) আৰু তাজুদ্দিন আলী (২১) বুলি চিনাক্ত কৰা হৈছে।

Related News