NORTHEAST NOW (Assamese)

দুলীয়াজানত পুত্ৰ আৰু ভতিজাকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন ব্যক্তিক 

November 11, 2023 3:13 pm · এন ই নাও নিউজ, নতুন দিল্লী

শনিবাৰে নিশা দুলীয়াজানৰ ছিৰিঙাখাত দ্বিতীয় খণ্ডত এজন লোকক নিজৰ পুত্ৰ আৰু ভতিজাকে কোবাই হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, পাৰিবাৰিক বিবাদক কেন্দ্ৰ কৰি পুত্ৰ আৰু ভতিজাকে ইটা আৰু লাঠিৰে আক্ৰমণ কৰাৰ ফলত লোকজনৰ মৃত্যু হয়। 

নিহত ব্যক্তিজনৰ নাম বুধু পাহাৰীয়া।

ঘটনাৰ পিছতে অভিযুক্ত পুত্ৰ বিজয় পাহাৰীয়া আৰু ভতিজা চৌন পাহাৰীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। 

খবৰ অনুসৰি এই তিনিজন ব্যক্তিৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হয় আৰু তাৰ পিছত পুত্ৰ আৰু ভতিজাই বুধু পাহাৰীয়াক নিৰ্মমভাৱে আক্ৰমণ কৰে।

ঘটনাৰ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related News