NORTHEAST NOW (Assamese)

হোম কোৱাৰেণ্টাইনত থকা স্বামীৰ নৃশংস আক্ৰমণত মৃত্যু ঘটিল পত্নীৰ

May 19, 2020 10:23 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত চলি থকা লকডাউনৰ মাজতেই অসমৰ ধেমাজি জিলাত সংঘটিত হৈছে এটা জঘন্য ঘটনা।

জিলাখনৰ ছিছিবৰগাঁও অঞ্চলৰ ১ নং বেতানিপাম গাঁৱৰ হোম-কোৱাৰেণ্টাইনত থকা লিণ্টু গগৈ নামৰ এজন লোকে নিজ পত্নীক হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, গগৈ অসমৰ বাহিৰত কৰ্মৰত হৈ আছিল আৰু লকডাউনৰ মাজতেই তেওঁ নিজ ঘৰলৈ উভতি আহিছিল।

ইয়াৰ পিছত তেওঁক সম্পূৰ্ণ চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি হোম-কোৱাৰেণ্টাইন কৰা হৈছিল।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, স্বাস্থ্য বিভাগৰ নিৰ্দেশনা নামানি লোকজনে ঘৰৰ বাহিৰ ওলাই ঘূৰি ফুৰাৰ লগতে নিশা হ’লে দেশীয় সুৰা পান কৰি পত্নীৰ সৈতে কাজিয়াত লিপ্ত হয়।

যোৱা শনিবাৰেও এই ঘটনাৰ পুনৰাবৃত্তি ঘটাত স্বামী লিণ্টুৱে নিজৰ পত্নী যমুনাক বেয়াকৈ মাৰ ধৰ কৰে। অতি নৃশংসভাৱে শাৰিৰীক আক্ৰমণ কৰাত পত্নী যমুনাৰ মৃত্যু হয় বুলি জানিব পৰা যায়।

Related News