ৰঞ্জী ট্ৰফীত উত্তৰাখণ্ডৰ বিৰুদ্ধে অসমৰ বিশাল জয়; ৰিয়ানৰ শতৰাণ, ৰঞ্জীত মালীৰ ১০ টা উইকেট

Assam Cricket Team

উত্তৰাখণ্ডৰ বিৰুদ্ধে বিজয়ৰ পাছত অসমৰ দলটো, উৎস-ইণ্টাৰনেট

ৰঞ্জী ট্ৰফীৰ চলিত চিজনৰ তৃতীয়খন খেলত অংশ লৈ উত্তৰাখণ্ডৰ বিৰুদ্ধে এক এনিংছ আৰু ৯০ ৰাণত বিশাল বিজয় সাব্যস্ত কৰিছে অসমে।

উত্তৰাখণ্ডৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি অসমে যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ প্ৰথম ৰঞ্জী শতৰাণৰ সহায়ত ১০ টা উইকেট হেৰুৱাই ২৯৪ ৰান সংগ্ৰহ কৰে।

ৰিয়ান পৰাগে ২৬৫ টা বলত ১১ টা চাৰি আৰু ৩ টা ছয়েৰে ১২৩ ৰান সংগ্ৰহ কৰে। ৰিয়ানৰ উপৰিও গকুল শৰ্মা আৰু কুনাল শইকীয়াই ক্ৰমে ৪৭ ৰান আৰু ৩৬ ৰান সংগ্ৰহ কৰে।

অসমৰ প্ৰথম ইনিংছৰ প্ৰত্যুত্তৰত উত্তৰাখণ্ডে নিজৰ প্ৰথম ইনিংছ আৰম্ভ কৰি অসমৰ বেগী বলাৰ ৰঞ্জিত মালীৰ ক্ষুৰধাৰ বলিঙৰ সন্মুখত তিষ্ঠিৱ নোৱাৰি মাত্ৰ ১২১ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়।

ৰঞ্জিত মালীয়ে দুৰ্ধৰ্ষ বলিঙেৰে মাত্ৰ ২৪ ৰানত ৬ টা উইকেট দখল কৰাৰ বিপৰীতে অৰুপ দাসে ২ টা আৰু ৰিয়ান পৰাগ আৰু ৰোছন আলমে এটাকৈ উইকেট দখল কৰে।

প্ৰথম ইনিংছত ফল’অনৰ সন্মুখিন হোৱা উত্তৰাখণ্ডে দ্বিতীয় ইনিংছ আৰম্ভ কৰিও অসমৰ বলাৰৰ সন্মুখত কোনোপধ্যেই মুৰ দাঙি থিয় দিবলৈ সক্ষম নহ’ল আৰু মাত্ৰ ৮৩ ৰানতে আটাইকেইটা হেৰুৱাই এক ইনিংছ আৰু ৯০ ৰানত বিশাল পৰাজয় স্বীকাৰ কৰে।

উত্তৰাখণ্ডৰ তাৰকা বেটছমেন তথা অধিনায়ক উন্মুক্ত চাণ্ড দুয়োটা ইনিংছতে শোচনীয়ভাৱে ব্যৰ্থ হয়।

অসমৰ হৈ দ্বিতীয় ইনিংছত মুখতাৰ হুছেইনে ১৫ ৰান দি ৬ টা আৰু ৰঞ্জিত মালীয়ে ২৭ ৰান ব্যয় কৰি ৪ টা উইকেট দখল কৰে।

ৰঞ্জিত মালীয়ে খেলখনত মুঠ ১০ উইকেট দখল কৰাৰ কৰে। ‘কা’ বিৰোধী প্ৰতিবাদৰ বাবে অসমৰ প্ৰথমখন খেল বাতিল হোৱাৰ পাছত ঝাৰখণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন খেলত বেয়াকৈ পৰাস্ত হৈছিল অসম।

উত্তৰাখণ্ডৰ বিৰুদ্ধে বিশাল জয় সাব্যস্ত কৰাৰ পাছত অসম দলটোৱে হেৰুওৱা আত্মবিশ্বাস বহুখিনি ঘুৰাই পাইছে।