অসম-মেঘালয় সীমা বিবাদ: অসমৰ একাংশ মাটি মেঘালয়ক এৰি দিব অসম চৰকাৰে

প্ৰথম পৰ্যায়ত ৬ অঞ্চলৰ সমস্যা সমাধানৰ লক্ষ্য

Assam-Meghalaya border dispute

দশকজুৰি চলি থকা অসম-মেঘালয় সীমান্ত বিবাদৰ ক্ষেত্ৰত প্ৰথম পৰ্যায়ত ১২ টা অঞ্চলৰ ভিতৰত ৬ টা অঞ্চল সমাধানৰ বাবে গ্ৰহণ কৰা হ’ব।

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক অৱগত কৰি এই কথা জনায়।

“অসম-মেঘালয় সীমান্ত সমস্যা সমাধানৰ বাবে আমাৰ প্ৰচেষ্টাই ক্ৰমাৎ ফল লাভ কৰিছে। সমস্যা থকা ১২ টা ক্ষেত্ৰৰ ভিতৰত ৬ টা অঞ্চল প্ৰথম পৰ্যায়ত সমাধানৰ বাবে চিনাক্ত কৰা হৈছে।” মুখ্যমন্ত্ৰী শৰ্মাই কয়।

তেওঁ লগতে কয়: “চূড়ান্ত নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা সমস্যাজনিত ক্ষেত্ৰবোৰ হৈছে: হাহিম, গিজাং, তাৰাবাৰী, বোকলাপাৰা, খানাপাৰা-পিলিংকাটা আৰু ৰতচেৰা।”

দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে তিনিখন আঞ্চলিক সমিতিৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি সৌহাৰ্দ্যপূৰ্ণ মীমাংসাৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰে।

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি চুবুৰীয়া মেঘালয়ৰ সৈতে সীমান্ত বিবাদৰ বিষয়টোক লৈ অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হয়।

বৈঠকত অসমৰ ৩টা স্থানৰ ভূমি মেঘালয়ক এৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে বুলি বিশেষ সূত্ৰত প্ৰকাশ পাইছে৷

আলোচনাৰ অন্তত চৰকাৰে বিষয়টো সন্দৰ্ভত যোগাত্মক প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে বুলিলেও বিৰোধীৰ স্থিতি এতিয়াও স্পষ্ট নহয়৷

এৰা-ধৰাৰ মাজেৰে সীমা সমস্যা সমাধানৰ পোষকতা কৰিছে অসম চৰকাৰে। বৈঠকত ভাগ লোৱা একাংশই বিধানসভাত এই সমস্যা সন্দৰ্ভত আলোচনাৰ পোষকতা কৰে।

অৱশ্যে মেঘালয়ক ৩ টা এলেকা এৰি দিলেও অসমে আন ৩ এলেকাৰ ভূমি লাভ কৰিব বুলি জানিব পৰা গৈছে৷

সূত্ৰ অনুসৰি মেঘালয়ে ১৮.২৯ বৰ্গ কিলোমিটাৰ ভূমি লাভ কৰাৰ পৰিৱৰ্তে অসমে লাভ কৰিবলগীয়া ভূমিৰ পৰিমাণ ১৮.৫১ বৰ্গ কিলোমিটাৰ।

সৰ্বদলীয় বৈঠকৰ পিছত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰেও বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷