NORTHEAST NOW (Assamese)

চৰকাৰী কোৱাৰ্টাৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা! অতুল বৰাক মৃত্যুৰ ভাবুকি

November 14, 2023 6:05 pm · এন ই নাও নিউজ, গুৱাহাটী

কৃষি মন্ত্ৰী অতুল বৰালৈ আহিছে মৃত্যুৰ ভাবুকি। মন্ত্ৰীগৰাকীৰ চৰকাৰী কোৱাৰ্টাৰত বোমা বিস্ফোৰণ ঘটাই হত্যাৰ পৰিকল্পনা কৰা হৈছে। ফেচবুকত এই চাঞ্চল্যকৰ দাবী কৰিছে এগৰাকী ব্যক্তিয়ে।

নৰ্থ ইষ্ট নাও(ভিডিঅ’)ৰ ফেচবুক পেজত এক মন্তব্যৰ জৰিয়তে মৃত্যুৰ ভাবুকি প্ৰদান কৰা হৈছে ৰাজ্যৰ কৃষি মন্ত্ৰীগৰাকীক।

নৰ্থইষ্ট নাওৰ (ভিডিঅ’) ফেচবুক পেজত মন্ত্ৰী অতুল বৰা কেন্দ্ৰিক এটা বাতৰিৰ তলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰণাছ শণ্ডিল্য নামৰ এজন ব্যক্তিয়ে এই চাঞ্চল্যকৰ ভাবুকি প্ৰদান কৰে।

ব্যক্তিগৰাকীৰ দাবী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীৰ চৰকাৰী কোৱাৰ্টাৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰা হৈছে। এই পৰিকল্পনা কৰিছে আলফাই!

নিজকে আলফা সদস্য বুলি দাবী কৰি প্ৰণাশ শণ্ডিল্যই কয় যে সংগঠনটোৱে মন্ত্ৰী অতুল বৰাৰ কোৱাৰ্টাৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰিছে।

“অতুল বৰাৰ কোৱাৰ্টাৰ বোমা প্লাণ্টৰ প্লেন কৰা হৈছে। আমি আলফাৰ পৰা সৱ কৰি আছো। বেছি দিন জীয়াই নাথাকে ই।”— কমেণ্ট যোগে ফেচবুক ব্যৱহাৰকাৰীজনে কয়।

Related News