NORTHEAST NOW (Assamese)

বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদকক শুভেচ্ছা জ্ঞাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 15, 2019 6:16 pm · এন ই নাও নিউজ
বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক

নতুনকৈ দায়িত্ব লাভ কৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষক সোমবাৰে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰে।

শৰ্মাই সন্তোষক শুভেচ্ছা জ্ঞাপন কৰি কয় যে তেখেতৰ চিন্তাধাৰা, অভিজ্ঞতা আৰু সাংগঠনিক দক্ষতাই দলক সফলতাৰ শিখৰত উপনীত কৰিবলৈ সক্ষম হ’ব।

শৰ্মাই নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে টুইট কৰি বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সাংগঠনিকগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে।

বিজেপিৰ ৰাষ্ট্ৰীয় সভপতি আৰু দলীয় মুখ্য কাৰ্য্যালয়ৰ পৰা এখন জাননি জাৰি কৰি শ্ৰী বি এল সন্তোষক দলৰ যুতীয়া ৰাষ্ট্ৰীয় সাংগাঠনিক সম্পাদক হিচাপে নিযুক্তি দিয়ে আৰু অনতিপলমে তেওঁক দায়িত্বভাৰ গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়ে।

সন্তোষে কৰ্ণাটক, কেৰেলা, তামিলনাডু আৰু গোৱাৰ দায়িত্বভাৰ পালন কৰি আছিল। কৰ্ণাটকৰ ৰাজনীতিকগৰাকীয়ে বিজেপিৰ ১৩ বছৰৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক ৰামলালৰ সফলতাৰ আৰৰ ব্যক্তি বুলি জনা যায়।

অসমৰ বিত্ত মন্ত্ৰীৰ উপৰিও উত্তৰ-পূবৰ আন আন বিজেপিৰ নেতা-কৰ্মীসকলেও নৱ নিযুক্তি ৰাষ্ট্ৰীয় সাংগঠনিক সভাপতিগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে।

Related News