NORTHEAST NOW (Assamese)

GMCHত কেথ লেব, নতুন আই চি ইউ ৱাৰ্ড মুকলি

April 2, 2020 11:10 pm · এন ই নাও নিউজ
কেথ লেব উদ্বোধনৰ সময়ত হিমন্ত বিশ্ব শৰ্মা। ছবি সৌজন্য-- টুইটাৰ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত এটা কেথ লেব আৰু ৫০খন বিচনাযুক্ত এটা বিশেষ আই চি ইউ ৱাৰ্ড মুকলি কৰে।

আই চি ইউটো মুকলি কৰি মন্ত্ৰীজনে কয় যে ৰেকৰ্ড সময়ত এই আই চি ইউটো মুকলি কৰা হৈছে।

উল্লেখযোগ্য যে এই আই চি ইউ ৱাৰ্ডটোৰ ফলত এসপ্তাহৰ ভিতৰত চিকিৎসালয়খনৰ আই চি ইউ বিচনাৰ সংখ্যা ৭৫ৰ পৰা ১৬২খনলৈ বৃদ্ধি পালে।

তেওঁ লগতে সদৰী কৰা মতে বহাগ বিহুৰ পূৰ্বে চিকিৎসালয়খনত মুঠ আই চি ইউ বিচনাৰ সংখ্যা ২০০ লৈ বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰা হ’ব।

জি এম চি এইচত ২০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা নতুন ভৱনটোও দুমাহৰ ভিতৰত চিকিৎসাৰ বাবে মুকলি কৰা হ’ব বুলি মন্ত্ৰী শৰ্মাই সংবাদমেলত জনায়।

তাৰোপৰি কিছু সময় পূৰ্বে টুইটাৰযোগে মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে নিজামুদ্দিনৰ জামাতলৈ যোৱা লোকৰ পৰিয়ালকো সৰুসজাই স্প’ৰ্টছ কমপ্লেক্সত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে উক্ত পৰিয়ালৰ লোকসকলৰ আতংক নিৰ্মূল কৰাৰ বাবে সৰুসজাইত নিজে উপস্থিত থাকে।

ইফালে দিনৰ ভাগত আয়োজন কৰা এক সংবাদমেলত মন্ত্ৰী শৰ্মাই সদৰী কৰা মতে অসমৰ ক’ৰ’না আক্ৰান্ত ১৬ গৰাকী ব্যক্তিৰ আটাইকেইগৰাকী বৰ্তমান স্বাভাৱিক অৱস্থাত আছে।

তদুপৰি, নিজামুদ্দিন কাণ্ডৰ সৈতে সম্পৰ্ক থকা অসমৰ ৫০৩ গৰাকী লোকৰ ভিতৰত ৪৮৮ গৰাকী ব্যক্তিৰ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে সন্ধান লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে।

তেওঁ জনোৱা মতে আৰু ১৫ গৰাকী ব্যক্তিৰ সন্ধান লাভ কৰিবলৈ বাকী আছে।

সন্ধান লাভ কৰা ৪৮৮ গৰাকী ব্যক্তিৰ ভিতৰত ৩৬১ গৰাকী ব্যক্তিৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু মুঠ ৩৯৫ গৰাকী ব্যক্তিক কোৱাৰেণ্টাইনত ৰখা হৈছে।

Related News