ব্যক্তিগতখণ্ডৰ বিদ্যালয়লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহলৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে ৰাজ্যৰ শিক্ষা বিভাগে। আজি মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত NHMৰ ৰাজ্যিক কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূলৈ এই নিৰ্দেশনা দিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

‘মুখ্য মন্ত্ৰীৰ অনুমোদন ক্ৰমে শিক্ষা বিভাগে এক নিৰ্দেশ দিছে যে ব্যক্তিখণ্ডৰ বিদ্যালয়সমূহে মাৰ্চ আৰু এপ্ৰিল মাহৰ ৫০ শতাংশ মাছুলহে সংগ্ৰহ কৰিব পাৰিব। L KGৰ পৰা উচ্চতৰ মাধ্যমিকলৈকে এই নিয়ম মানি চলিব লাগিব। যদি কোনোবাই মাছুল সংগ্ৰহ কৰিছে তেন্তে তেওঁলোকে মে’ মাহত এইটো এডজাষ্ট কৰিব লাগিব।‘ ব্যক্তিগত বিদ্যালয়সমূহৰ কতৃপক্ষক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয়।

আন এক গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় ‘চৰকাৰৰ আগতীয়া অনুমোদন নোহোৱাকৈ কোনো বিদ্যালয়ে মাছুল বঢ়াব নোৱাৰিব। ক’ৰ’না থকালৈকে এই নীতি নিৰ্দেশনা বাহাল থাকিব।‘

তাৎপৰ্য্যপূৰ্ণভাৱে যদি কোনোবাই এই নিয়ম ভংগ কৰে তেন্তে দুৰ্য্যোগ ব্যৱস্থাপনা আইনৰ অধীনত বিদ্যালয়খন বন্ধ কৰি দিয়া হ’ব বুলি সংবাদমেলত ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

সেই একে সময়তে কোনোধৰণৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ে শিক্ষকৰ দৰমহা কৰ্তন কৰিব নোৱাৰিব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰি লগতে কয় ‘ছাত্ৰ-ছাত্ৰীৰ পৰা ৫০ শতাংশ মাছুল সংগ্ৰহ কৰিলে বুলিয়েই শিক্ষক আৰু কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰা কথাটো মানি ল’ব পৰা নাযাব।‘

তদুপৰি, শংকৰদেৱ শিশু নিকেতনৰ দৰে শিক্ষানুষ্ঠান সমূহে এই সিদ্ধান্তৰ ইতিমধ্যে আদৰণি জনাইছে বুলি সংবাদমেলত শিক্ষামন্ত্ৰীয়ে কয়।

আনহাতে, সেই একেখন সংবাদমেলতে ক’ৰ’না ভাইৰাছ সম্পৰ্কীয় এক তথ্য দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় ‘ভাৰতত মৃত্যুৰ হাৰ ৩.২ শতাংশ। বিশ্বত মৃত্যুৰ হাৰ ৭ শতাংশ। অসমত সপ্তম দিনটো পৰ্য্যন্ত কোনোধৰণৰ নতুন ক’ৰ’না ভাইৰাছ পোৱা নাই। অসমত মৃত্যুৰ হাৰ ২.৯৪ শতাংশ।‘

ইয়াৰোপৰি, ৰাজ্যত ৫৭৮৯ গৰাকী ব্যক্তিক এতিয়ালৈকে টেষ্ট কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘২১৪ টা ৰিজাল্ট পাবলৈ বাকী আছে। ইয়াৰে কিছু মেঘালয়, মিজোৰাম আৰু নাগালেণ্ড চৰকাৰৰ অনুৰোধত কৰা কেচো অন্তৰ্ভুক্ত হৈ আছে। মুঠ ৬ টা লেবত এই টেষ্ট কৰা হৈছিল।‘

অহা ২৫ এপ্ৰিলত গুৱাহাটীৰ সাংবাদিকসকলৰ বাবে গুৱাহাটী মেডিকেল কলেজত ক’ৰ’না টেষ্ট কৰোৱা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। ইচ্ছুক সাংবাদিকে এই টেষ্ট বিনামূলীয়াকৈ কৰাব পাৰিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।

ইপিনে, বৰ্তমানলৈকে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়, অসামৰিক চিকিৎসালয়সমূহক মিলাই মুঠ ৩৩৩৮ খন আইশ্বলেশ্যন বেড আছে, ৪৪০ টা আই.চিয়ু আছে বুলি তেওঁ জনায়। ইয়াৰোপৰি কুৱাৰেন্টাইন কৰিবৰ বাবে  ১০০৬১ টা ব্যৱস্থা আছে তথা পিপিই কীট প্ৰায় ২ লাখ আছে আৰু ৮৬ হাজাৰ আছে এন ৯৫ মাস্ক আছে বুলিও তেওঁ কয়।